Wednesday, March 11, 2026
Homeআন্তঃৰাষ্ট্ৰীয়পহিলা জানুৱাৰীৰ দিনাই ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল কাবুল

পহিলা জানুৱাৰীৰ দিনাই ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল কাবুল

 

ডিজিটেল ডেস্ক, ANEWS24X7: বছৰৰ প্ৰথমটো দিনতে বিস্ফোৰণত কঁপি উঠিল কাবুল ৷ পহিলা জানুৱাৰীৰ দিনাই কাবুলৰ সামৰিক বিমান বন্দৰত ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয় ৷ দেওবাৰে পুৱা আফগানিস্তান ৰাজধানী কাবুল হোৱা এই বিস্ফোৰণৰ ফলত কেইবাজনো লোক নিহত হৈছে ৷

তালিবানৰ মুখপাত্ৰ আব্দুল নাফিয়ে বিস্ফোৰণ সন্দৰ্ভত কয় যে ,‘‘দেওবাৰে পুৱা কাবুল সামৰিক বিমানবন্দৰৰ বাহিৰত বিস্ফোৰণ সংঘটিত হয়। এই ঘটনাত আমাৰ কেইবাজনো নাগৰিক শ্বহীদ আৰু আহত হয়।’’

বিস্ফোৰণ সংঘটিত হোৱাৰ পিছতে নিৰাপত্তা বাহিনীয়ে সমগ্ৰ অঞ্চলটো ছিল কৰে ৷ লগতে অঞ্চলটোৰ সকলো পথ অবৰোধ কৰে ৷লক্ষ্যণিয় যে বিস্ফোৰণ সংঘটিত হোৱা অঞ্চলটোতে ৰাছিয়া আৰু পাকিস্তানৰ দূতাবাসৰ উপৰিও দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ো আছিল।

উল্লেখ্য যে, বিগত কেইমাহ মান ধৰি তালিবান চৰকাৰৰ বিৰুদ্ধে আই এছ উগ্ৰপন্থী সংগঠনে কেইবাটাও আক্ৰমণৰ ঘটনা সংঘটিত কৰিছে ৷ আই এছে কাবুলৰ কেইবাটাও মূল আট্টাল আৰু প্ৰতিষ্ঠানক লক্ষ্য কৰি লৈছে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments