Monday, March 16, 2026
Homeঅসমযিমানেই আৰ্থিক সমস্যা নহওক কিয়, অচিনাকি মানুহক নিজৰ মাটি বিক্ৰী নকৰিব

যিমানেই আৰ্থিক সমস্যা নহওক কিয়, অচিনাকি মানুহক নিজৰ মাটি বিক্ৰী নকৰিব

শ্বহীদ দিৱসৰ ভাষণত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী ‘অচিনাকি লোক’ৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰা পৰিলক্ষিত হয়। শ্বহীদ দিৱসৰ দিনটোৰ পৰাই পুনৰ অচিনাকি মানুহৰ ‘নেৰেটিভ’ আৰম্ভ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘১০ ডিচেম্বৰৰ দিনটো প্ৰতিগৰাকী অসমীয়াৰ বাবে পবিত্ৰ দিন। এই বছৰৰ দিনটো আমাৰ বাবে গৌৰৱৰ দিন। ১৭০ কোটি টকা ব্যয়সাপেক্ষে অমৰ শ্বহীদ ক্ষেত্ৰ নিৰ্মাণ কৰা হ’ল। অসম আন্দোলনৰ ৪৬ বছৰ পাছতো আমি সুৰক্ষিত নাছিলোঁ। চুক্তি স্বাক্ষৰ হোৱাৰ পাছতে চুক্তি কাৰ্যকৰী হোৱা নাছিল। আমি অসমৰ জাতি, মাটি, ভেটি ৰক্ষাৰ সংকল্পৰে আগবাঢ়িছিলোঁ।’’

‘‘মেহতা আয়োগৰ প্ৰতিবেদনত উল্লেখ কৰা আছে অসম আৰু অসমীয়াৰ মাটি কিদৰে ৰাঙলী কৰা হৈছিল? অসমীয়া যুৱতীক নিৰাপত্তাহীন কৰি তোলা হৈছিল। অচিনাকি মানুহে কাজিৰঙাত গঁড় হত্যা কৰিছিল। গোৱালপাৰা, ধুবুৰী জিলাত অসমীয়াৰ স্বাভিমান নিঃশেষ কৰিছে। অসমীয়াৰ সাংস্কৃতিক সম্পদৰ ওপৰত আক্ৰমণ চলিছে। আমি কাম নকৰিলে অসমীয়াই কেনেকৈ খাব, এনে প্ৰত্যাহ্বান জনাইছিল। বৰদোৱাৰ ভূমিৰ ওপৰত আগ্ৰাসন চলিছিল।’’

‘আমি আমাৰ ৰাজনৈতিক ভৱিষ্যৎ কাৰোৱাৰ হাতলৈ হস্তান্তৰ কৰিবলৈ নিদিওঁ। আমি ১০ বছৰ পাছত প্ৰত্যাহ্বান জনাব পাৰোঁ। অসমীয়া জাতিৰ সৈতে কাজিয়া কৰিলে আমি প্ৰত্যুত্তৰ দিবলৈ সাজু। আমি কাজিয়া কৰিবলৈ সাজু। অসমত কোনো বিদেশীয়ে অনুপ্ৰৱেশ কৰিলে ২ ঘণ্টাৰ ভিতৰত ওভতাই পঠাওঁ। নতুন অসম নিৰ্মাণৰ বাবে আগবাঢ়িছোঁ। আমি লাহে লাহে সংখ্যালঘুৰ দিশে আগবাঢ়িছোঁ। ২০২৭ চনত ৬০% তলত আহিব আমাৰ জনসংখ্যা। অসমত অচিনাকি মানুহৰ সংখ্যা বাঢ়ি গৈ আছে।’’

‘‘আমি আমাৰ এটুকুৰা মাটি কেতিয়াও অচিনাকি লোকক বিক্ৰী নকৰোঁ। অচিনাকি মানুহৰ হাতলৈ গ’লে আমি জীয়াই থাকিব নোৱাৰোঁ। মোৰ গাড়ী অচিনাকি মানুহে চলাব নালাগে। অসমীয়া খিলঞ্জীয়া মানুহে চলাব লাগিব মোৰ গাড়ী। আমাৰ জাতিয়ে আত্মসমৰ্পণ কৰিবলৈ নাই। আমি যুঁজিম আৰু জিকিম। তেওঁলোকে অবৈধ ড্ৰাগছ, গৰুৰ ব্যৱসায় কৰে। কোনোবাই আমাক মাটিৰ বাবে দুটকা বেছি দিব পাৰে। কিন্তু আমি কেতিয়াও অচিনাকি মানুহৰ হাতত মাটি বিক্ৰী নকৰাৰ সংকল্প ল’ব লাগে। মোৰ বাগিচা, খেতিপথাৰত তেওঁলোকক কাম কৰিবলৈ দিব নালাগে। আমি নিজে খেতি কৰিম, আমাক কোনোবাই সহায় কৰিব নালাগে।’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments