Friday, November 8, 2024
Homeঅসম৫ দিনলৈ ৰাজ্যত কমলা–হালধীয়া ৰঙৰ এলাৰ্ট

৫ দিনলৈ ৰাজ্যত কমলা–হালধীয়া ৰঙৰ এলাৰ্ট

ডিজিটেল ডেস্ক, anews24x7: বংগোপসাগৰৰ ওপৰত সৃষ্টি হোৱা ঘূৰ্ণীবতাহ ‘মোচা’ই দক্ষিণ-পূব বংগপসাগৰৰ ওপৰেৰে উত্তৰ-পূব অঞ্চল, বাংলাদেশৰ আৰু ম্যানমাৰৰ দিশে গতি কৰিছে। ইয়াৰ ফলত দেওবাৰ আৰু সোমবাৰৰ পৰা ৰাজ্যত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা ।

বিশেষকৈ বৰাক উপত্যকাত ১৪ মে’ত এই ঘূৰ্ণীবতাহৰ লগত প্ৰবল বৰষুণৰ আশংকা আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে সতৰ্কবাণী জাৰি কৰিছে । বতৰ বিজ্ঞানীসকলে উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসমৰ কিছু কিছু ঠাইত বংগোপসাগৰৰ পৃষ্ঠত ঘণ্টাত ১৫০/১৬০ গতিবেগত উৎপত্তি হোৱা ঘূৰ্ণীবতাহ ‘মোচা’ৰ প্ৰভাৱ পৰাৰ আগজাননি দিছে।

শুকুৰবাৰে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে দুদিনীয়া মুষলধাৰ বৰষুণৰ উপৰি ঘণ্টাত ‌১৬০ কিলোমিটাৰ বেগেৰে ঘূৰ্ণীবতাহ বলিব পাৰে। বতৰ বিজ্ঞান বিভাগৰ মতে, মোকাৰ মুখ্য প্ৰভাৱ ম্যানমাৰত হ’ব। অৱশ্যে, মোকা প্ৰবাহিত হোৱাৰ সময়ত বাংলাদেশৰ বহু ঠাইত ইয়াৰ প্ৰভাৱ পৰিব পাৰে।

তেতিয়া ধুমুহাৰ গতি বেগ প্ৰতি ঘণ্টাত ১৪০ কিলোমিটাৰ হ’ব পাৰে। বাংলাদেশৰ চিটাগং, কক্সবজাৰ, ছেইণ্ট মাৰ্টিন, টেকনাফ, মহেশখালি এই ধুমুহাৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ সম্ভাৱনা আছে। ইফালে, ঢাকা আৰু য়াংগন কৰ্তৃপক্ষই সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে আৰু দুৰ্যোগৰ পিছত প্ৰস্তুতি চলাইছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments