Saturday, March 14, 2026
Homeৰাশিফলকেনে যাব আজিৰ দিনটো… ৰাশিফল চাই জানি লওক

কেনে যাব আজিৰ দিনটো… ৰাশিফল চাই জানি লওক

মেষ ৰাশি ফলাফল
আপোনাৰ বিনম্ৰ স্বভাৱৰ সকলোৱে প্ৰশংসা কৰিব ,কিছুমান মানুহে আপোনাক অতি প্ৰশংসা দি উপচাই দিব পাৰে। যিকোনো বস্তু কিনাৰ আগতে সেই বস্তুক ব্যৱহাৰ কৰি চাওক ,যি আপোনাৰ লগত আগৰে পৰা আছে। ঘৰত হোৱা কিছু পৰিৱৰ্তনে আপোনাক ভাবুক বনাব পাৰে, কিন্ত আপুনি আপোনাৰ ভাৱনা পৰিয়ালৰ সন্মুখত প্ৰকাশ কৰাত সফল হব জনে সচাকৈ আপোনাক বুজি পায়। আজি প্ৰেমৰ সম্পৰ্কৰ বাবে আপুনি সকলো সামাজিক বন্ধন ভাঙি দিব। যদি আপুনি বিবাহিত আৰু আপোনাৰ সন্তানো আছে তেন্তে আজি আপোনাক সিহতেঁ আপুনি পৰ্যাপ্ত সময় নিদিয়া বাবে অভিযোগ দিব পাৰে। জীৱন সংগীৰ অসুুস্থতাৰ বাবে আপোনাৰ কাম-কাজত বেয়া প্ৰভাৱ পৰিব পাৰে। সময় কিমান দ্ৰুত গতিত আগবাঢ়ে সেই কথা আজি এজন পুৰনি বন্ধুক লগ পাই আপোনাৰ অনুভৱ হ’ব।
বৃষ ৰাশি ফলাফল
নিজৰ বিচাৰ সমূহক ধনাত্মক ভাৱে ৰাখক ,কাৰণ আপোনাৰ ভয় নামৰ দানৱ এটাৰ লগত সন্মুখীন কৰিব পাৰে,নহ’লে আপুনি নিষ্ক্ৰিয় হৈ ইয়াৰ চিকাৰ হৈ পৰিব পাৰে। আজি আপুনি ঘৰৰ পৰা ধনাত্মক ভাৱ এটা লৈ ওলাব যদিও মূল্যৱান বস্তু এটাৰ চুৰি হোৱা বাবে আপোনাৰ মন বেয়া হৈ যাব। আপোনাৰ জীৱন-সংগীৰ স্বাস্থ্য চিন্তাৰ কাৰণ হৈ উঠিব পাৰে আৰু তেখেতক চিকিৎসকৰ প্ৰয়োজন আছে। প্ৰেম এক এনেকুৱা অনুভৱ যি অকল অনুভৱ কৰিব পাৰি আৰু নিজৰ প্ৰিয়জনৰ লগত ভাগ বটৰা কৰিব পাৰি। আপোনাৰ ওচৰত সময় পৰ্যাপ্ত পৰিমাণে থাকিব কিন্তু মনে বিচৰা কাম আপুনি কৰিব নোৱাৰিব। আপোনাৰ জীৱন সংগী আজি আপোনাক সুখী কৰিবলৈ যতপৰোনাস্তি চেষ্টা কৰাটো চকুত পৰিব। আজি আপুনি আৰামকৈ বিশ্ৰাম লব নোৱাৰিব কাৰণ আপোনাৰ কিছুমান অতি বন্ধু আৰু আত্মীয়ই আপোনাক বিশ্ৰাম লব নিদিব, অৱশ্যে প্ৰত্যেক মুদ্ৰাৰ এক ভাল অংশও থাকে ,এই সুযোগৰ ব্যৱহাৰ আপোনালোকৰ বন্ধুত্বৰ এনাজৰী ডাল শক্তিশালী কৰিব পাৰে আৰু পিছত ইয়াৰ পৰা আপুনি লাভান্বিতও হব পাৰে।
মিথুন ৰাশি ফলাফল
শাৰীৰিক লাভৰ বাবে বিশেষকৈ মানসিক ভাৱে নিজকে অধিক শক্তিশালী কৰিবলৈ ধ্যান আৰু যোগাৰ আশ্ৰয় লওক। বিবাহিত দম্পতী সকলক আজি সন্তানৰ শিক্ষাৰ বাবে ভালেখিনি অৰ্থ খৰচ কৰিবলগীয়া হব পাৰে। ওচৰ-চুবুৰীয়াৰ লগত হোৱা কাজিয়াই আপোনাৰ মন বেয়া কৰিব পাৰে ।কিন্তু আপোনাৰ নিয়ন্ত্ৰণ হেৰুয়াই নেপেলাব, এনেকুৱা কৰিলে অকল জুই বেছিকৈহে জ্বলিব । যদি আপুনি সহযোগ নকৰে তেন্তে কোনো আপোনাৰ লাগত কাজিয়া কৰিব নোৱাৰে।সকলোতকৈ ভাল সম্বন্ধ বৰ্তাই ৰাখিবৰ চেষ্টা কৰক। আপুনি নিজৰ ফালৰ পৰা সকলোতকৈ ভাল ব্যৱহাৰ কৰাৰ প্ৰয়োজন আছে-কাৰণ আজি আপোনাৰ প্ৰিয়জন বহুত সোনকালে খঙ কৰিব পাৰে। পৰোপকাৰ তথা সামাজিক কাৰ্য আজি আপোনাক আকৰ্ষণ কৰিব ,যদি আপুনি এনেকুৱা ভাল কামত অকণ মানো সময় খৰচ কৰে তেন্তে বহুত ধনাত্মক পৰিৱৰ্তন আহিব পাৰে। আপোনাৰ অতীতৰ এটা ৰহস্যই আপোনাৰ জীৱন সংগীক আজি নিৰাশ কৰিব পাৰে। আজিৰ দিন যিকোনো ধাৰ্মিক স্থলত সময় অতিবাহিত কৰিলে আপুনি মানসিক শান্তি লাভ কৰিব।
কৰ্কট ৰাশি ফলাফল
আপোনাৰ শাৰীৰিক অৱস্থা অধিক ভাললৈ আহিব যদিহে আপুনি নিজৰ সমস্যাসমূহ অন্যৰ লগত ভাগ বটৰা কৰে । কিন্তু মনত ৰাখিব যে এইবোৰ যদি আপুনি অৱহেলা কৰে তেন্তে পিছত আপোনাক অপকাৰ হব পাৰে। যদি আজি আপুনি অলপ জানি বুজি কাম কৰে তেন্তে আৰ্থিক লাভ হব পাৰে। যিমান আপুনি ভাৱি আছিল,আপোনাৰ ভাইটি তাতকৈ অধিক সহায়কাৰী হিচাপে প্ৰমাণ হব। কামৰ চাপত মানসিক অৱস্থা আপোনাৰ বেয়া হব পাৰে আৰু সমস্যাৰ সন্মূখীন হব পাৰে,দিনৰ শেষত অধিক চিন্তিত নহ’ব আৰু বিশ্ৰাম কৰক। যাত্ৰা আৰু ভ্ৰমণৰ সুযোগ হাতৰ পৰা ওলাই যাব নিদিব। অত্যাধিক খৰচে বৈবাহিক জীৱনত মনোমালিন্যৰ সৃষ্টি কৰিব পাৰে। যদি আপুনি নিজৰ মনৰ কথা মানে তেন্তে আজি বস্তু কিনাবেচা কৰাৰ বাবে খুবেই ভাল দিন ,আপোনাক অলপ ভাল কাপোৰ আৰু জোতাৰ দৰকাৰ আছিল।
সিংহ ৰাশি ফলাফল
আপোনাৰ উদাৰ স্বভাৱ আজি আপোনাৰ বাবে ভালেকেইটা সুখৰ মুহুৰ্ত অথবা পল লৈ আহিব। বিদেশত থকা আপোনাৰ মাটি-বাৰী ভাল দামত বিক্ৰী হোৱাৰ সম্ভাৱনা আছে যাৰ ফলত আপোনাৰ আৰ্থিক ভাৱে বহুত লাভ হব। আপোনাৰ সন্তান আৰু পৰিয়াল আপোনাৰ দিনৰ কেন্দ্ৰ বিন্দু হব। আপুনি আজিয়ে আপোনাৰ প্ৰিয়জনক নিজৰ মনৰ বতৰা প্ৰকাশ কৰাৰ প্ৰয়োজন আছে ,কাৰণ আজিয়ে নক’লে কাইলৈ ৰখিলে বহুত দেৰি হৈ যাব। আজি আপোনাৰ ওচৰত বহুত খালী সময় থাকিব আৰু এই সময়ৰ ব্যৱহাৰ আপুনি ধ্যান যোগ কৰি অতিবাহিত কৰিব পাৰে । আপুনি আজি মানসিক শান্তি লাভ কৰিব পাৰে। বৈবাহিক জীৱনৰ বহুত সমস্যাৰে ভৰা দিনৰ পিছত আপুনি আৰু আপোনাৰ লগৰী আকৌ প্ৰেমৰ দিন কেইটা ঘুৰাই পাব। অফিচত আজি বহুত কাম হোৱা বাবে আপোনাৰ চকুৰ সমস্যা অলপ হব পাৰে।
কন্যা ৰাশি ফলাফল
উচ্চ কেলৰি যুক্ত খাদ্যৰ পৰা দূৰত থাকিলে আপুনি স্বাস্থ্য সন্মত হৈ থাকিব আৰু আপুনি অধিক ধাৰ্মিক ভাৱে থাকিব পাৰিব। ৰাতিৰ সময়চোৱাত আপোনাৰ অৰ্থ লাভৰ পুৰ্ণ সম্ভাৱনা আছে কাৰণ আপোনাৰ দিয়া ধন আপুনি ঘূৰাই পাব পাৰে। যদি আপোনাৰ মনত হতাশাই গ্ৰাস কৰিছে তেন্তে কোনোবা ঘনিষ্ঠ আত্মীয়ৰ লগত অথবা বন্ধুৰ লগত কথা পাতক,ইয়াৰ বাবে আপোনাৰ মনৰ হতাশা সমূহ অলপ কম হব। ৰোমাঞ্চৰ আজি অৱনতি ঘটিব আৰু দামী উপহাৰেও সেই যাদু চলোৱাত বিফল হব। কৰ্ম-কাণ্ড/পূজা আদি আজি ঘৰত অনুষ্ঠিত হব। আজি আপোনাৰ জীৱন সংগী আপোনাৰ স্বাস্থ্যৰ প্ৰতি একেবাৰেই অসংবেদনশীল হব পাৰে। পৰিয়ালত কোনোবা সদস্যৰ লগত তৰ্কা তৰ্কি চলি থকাৰ বাবে ঘৰত অলপ অৱস্থা বেয়া চলি থাকিব পাৰে কিন্তু যদি আপুনি নিজকে শান্ত ৰাখে আৰু ধৈৰ্য ধৰি থাকে তেন্তে সকলোৰে মন ভালে থাকিব।
তুলা ৰাশি ফলাফল
আপোনাৰ সন্তানৰ সৰল মনোভাৱ আজি আপোনাকো অনুভৱ হব আৰু আপুনিও আজি ফুৰ্তিৰ অভিপ্ৰায় লৈ থাকিব। যিসকল লোকে ঋণ লৈ থৈছিল আগতে সিহতক আজি ঋণ পৰিশোধ কৰিব লাগিব পাৰে যাৰ ফলত আৰ্থিক স্থিতি দুৰ্বল হৈ পৰিব পাৰে। সন্তানক সিহঁতৰ লগত জড়িত বিষয় বোৰত সহায় কৰাটো আৱশ্যকীয়। আজি আপুনি আপোনাৰ প্ৰিয়জনাক টোফী আৰু চকলেট ইত্যাদি দিব পাৰে। আপোনাৰ অতীতৰ লগত জড়িত কোনোবা ব্যক্তি আজি আপোনাৰ লগত সম্পৰ্ক স্থাপন কৰাৰ সম্ভাৱনা আছে আৰু যাৰ ফলত আজি দিনটো স্মৰণীয় হৈ যাব। আপুনি আৰু আপোনাৰ জীৱনলগৰী একেলগে মিলি বৈবাহিক জীৱন অধিক সুৱনি কৰি তুলিব। দিন ভাল আছে আজি আপোনাৰ প্ৰিয়জনে আপোনাৰ কথাত খিল্খিলাই হাহিব পাৰে।
বৃশ্চিক ৰাশি ফলাফল
দূৰণি বটীয়া যাত্ৰাৰ কাৰণে আপুনি শাৰীৰিক আৰু মানসিক ভাৱে নিজকে সুস্থ কৰি তুলিছে ,যিয়ে আপোনাক বহুত লাভান্বিত কৰিব। ব্যস্ত দিনযোৰা স্বত্তেও আপুনি ভাগৰুৱা অনুভৱ নকৰিব। আজি ডাঙৰজনক সেৱা কৰি ঘৰৰ পৰা ওলালে আপোনাৰ ধন লাভ হব পাৰে। শিশু সমূহে আপোনাৰ উপলব্ধিত গৰ্ব অনুভৱ কৰাব। অলপ ভালকৈ তথা সাৱধানেৰে ,কাৰণ আপোনাৰ প্ৰিয়জন আপোনাক অধিক প্ৰশংসাৰে নিয়ন্ত্ৰণ কৰিব চেষ্টা কৰিব যেনে মই তোমাক এৰি এই পৃথিৱীখনত আন কাৰোৱেই লগত থাকিব নোৱাৰিম। ফুৰ্তি তথা আনন্দৰ বাবে ভ্ৰমণ সন্তোষজনক হব। আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ শ্ৰেষ্ঠ দিন হব। ব্যৱসায়ত লাভ আজি এই ৰাশিৰ ব্যৱসায়ীৰ বাবে সোণোৱালী সপোন সচাঁ হোৱাৰ দৰে হ’ব।
ধনু ৰাশি ফলাফল
শৰীৰৰ যিকোনো অংগত আজি বিষ হোৱাৰ সম্ভাৱনা আছে। এনেকুৱা যিকোনো কামৰ পৰা বাচক ,য’ত শাৰীৰিক ভাৱে বহুত কষ্ট হব পাৰে । পৰ্যাপ্ত পৰিমাণৰ বিশ্ৰাম কৰক। কোৰ্ট ত চলি থকা অৰ্থ সম্বন্ধীয় যিকোনো কেচত আপুনি জয় লাভ কৰিব পাৰে যাৰ ফলত লক্ষ্মীৰ আগমণ হব পাৰে। সম্বন্ধীয় আত্মীয়ৰ পৰা আপুনি সহায় লাভ কৰিব। আপুনি আজিৰ দিনাখন কেতিয়াও পাহৰি নাযাব ,যদি আপুনি প্ৰেমৰ নৈ খনত আজি ডুবি থাকি সময় নষ্ট নকৰে। অন্যাকাংক্ষিত উৎসৰ পৰা আজি আপোনালৈ গুৰুত্বপুৰ্ণ কামৰ বাবে নিমন্ত্ৰণী পত্ৰ আহিব। আপোনাৰ জীৱন সংগীৰ লগত আজি এক স্মৰণীয় সন্ধিয়া অতিবাহিত কৰিব পাৰে। যাত্ৰাত লগ পোৱা কোনোবা সুন্দৰীৰ কথা ভাৱি আপুনি ভাল অনুভৱ কৰিব পাৰে।
কৰ ৰাশি ফলাফল
বাহিৰত ঘুৰা ফুৰা , ফুৰ্তি আৰু পাৰ্টী কৰি থাকিলে আপোনাৰ মন ভালে থাকিব। আজি কৰা আৰ্থিক নিৱেশ সমূহ আপোনাক সমৃদ্ধি আৰু আৰ্থিক সুৰক্ষা প্ৰদান কৰাত সহায় কৰিব। আপোনাৰ স্বচ্ছন্দ জীৱন শৈলী ঘৰত অশান্তিৰ সৃষ্টি কৰিব পাৰে, এইবাবে ৰাতি বহুত দেৰিলৈ বাহিৰত থকা আৰু খৰচ কৰাৰ পৰা বিৰত থাকক। প্ৰেম সদায় আত্মীয় হয় আৰু এই কথা আজি আপুনি অনুভৱ কৰিব। আজি আপুনি অফিচৰ কামখিনি সময়ত শেষ কৰিব চেষ্টা কৰিব লাগে । মনত ৰাখিব যে ঘৰত কোনোবাই আপোনাৰ বাবে অপেক্ষা কৰি আছে। আজি জীৱন সংগীৰ লগত কিছু মধুৰতম সময় ,ভাল খানা আৰু কিছু ৰোমাণ্টিক মুহুৰ্তই আপোনাৰ বাবে বিশেষ হব। জীৱনৰ সমস্যাসমূহৰ সমাধান আপুনি নিজেই ওলাব লাগিব কাৰণ লোকে অকল আপোনাক উপদেশ দিব পাৰে তাতকৈ বেছি একো দিব নোৱাৰে।
কুম্ভ ৰাশি ফলাফল
ক্ষনিক খঙ ,বিবাদ আপোনাৰ দূৰ্ভাৱনাৰ কাৰণ হব পাৰে। এই কথা ভালকৈয়ে বুজি লওক যে দুখৰ সময়ত আপোনাৰ সঞ্চিত ৰাশিয়ে কামত আহিব সেয়ে আজিয়ে ধন সঞ্চয় কৰাৰ কথা বিচাৰ কৰক। এটা ধুনীয়া সন্ধিয়াৰ বাবে আত্মীয় অথবা বন্ধু বৰ্গ আপোনাৰ ঘৰত আহিব পাৰে। প্ৰেমৰ শক্তিয়ে আপোনাক প্ৰেম কৰাৰ এক কাৰণ দিব। কিবা বেলেগ কাৰণত আজি আপোনাৰ অফিচ সোনকালে ছুটী হব পাৰে , ইয়াৰ আপুনি লাভ উঠাব আৰু পৰিয়ালৰ লোকৰ লগত কৰবাত ফুৰিব যাব। আজিৰ আগতে বিবাহিত জীৱন ইমান ধুনীয়া কেতিয়াও নাছিল। কোনোবা ভাল স্পাত গৈ আপুনি আজি বহুত সতেজ অনুভৱ কৰিব পাৰে।
মীন ৰাশি ফলাফল
ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি নাথাকিব আৰু নিজৰ স্বাস্থ্য ভাল কৰিব চেষ্টা কৰিব কাৰণ ভাগ্য নিজে বহুত এলেহুৱা হয়। আজিৰ দিনটোত আপোনাৰ ধন লাভ হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে অৱশ্যে ইয়াৰ লগতে আপুনি দান পূন্য ও কৰিব লাগিব কাৰণ ইয়াৰ জৰিয়তে আপোনাৰ মানসিক শান্তি প্ৰাপ্ত হব। আপোনাৰ জীৱন সংগীৰ লগত অধিক বুজা-বুজি কৰিলে আপোনাৰ জীৱনত সুখ, সন্তুষ্টি আৰু সমৃদ্ধিৰ আগমণ হব। আপুনি ৰোমাণ্টিক ভাৱনা আৰু সপোনতে উটি ভাহি থাকিব। যেতিয়া আপোনাৰ পৰা পৰামৰ্শ বিচাৰা হয় তেতিয়া সংকোচ নকৰিব ,কাৰণ ইয়াৰ বাবে আপুনি বহুত প্ৰশংসা লাভ কৰিব। বৈবাহিক জীৱনক অধিক সুখময় কৰিবৰ বাবে আপোনাৰ প্ৰয়াস আপোনাৰ আশাতকৈ অধিক ফলপ্ৰসূ হব । আজি আপুনি নিজৰ ভোজন বিলাসী মনটোিক ভৰপূৰ আনন্দ দিব , আজি কোনোবা ভাল ৰেস্তোৰাত গৈ বহুত ভাল ভাল খোৱা বস্তু খাব পাৰি।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments