Tuesday, March 10, 2026
Homeআন্তঃৰাষ্ট্ৰীয়চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবে গ্ৰেপ্তাৰ অস্কাৰ বিজয়ী অভিনেত্ৰীক

চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবে গ্ৰেপ্তাৰ অস্কাৰ বিজয়ী অভিনেত্ৰীক

ডিজিটেল ডেস্ক, ANEWS24X7: অস্কাৰ বিজয়ী অভিনেত্ৰী তাৰানেহ আলিধুষ্টিক গ্ৰেপ্তাৰ ৷ ইৰানত চৰকাৰ বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে অভিনেত্ৰী গৰাকীক ৷ অভিনেত্ৰী গৰাকীক গ্ৰেপ্তাৰ কৰাৰ ঘটনাই এতিয়া সমগ্ৰ বিশ্বতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

অভিনেত্ৰী গৰাকীয়ে যোৱা ৮ ডিচেম্বৰত সমাজিক মাধ্যমত লিখিছিল যে ,‘‘ আপোনাৰ নীৰৱতা অত্যাচাৰকাৰী আৰু আত্যাচাৰকাৰীসকলক সমৰ্থন কৰাৰ সমান ৷ যিবোৰ আন্তঃৰাষ্ট্ৰীয় সংগঠনে এই অত্যাচাৰ দেখিছে তেওঁলোক সকলো মানৱতাৰ নামত লজ্জাজনক ৷’’

উল্লেখ্য যে অভিনেত্ৰী তাৰানেহ আলিধুষ্টিয়ে ইৰাণ চৰকাৰ বিৰোধী আন্দোলনত প্ৰথম মৃত্যু দণ্ড দিয়াৰ দিনা এই পষ্টটো লিখিছিল ৷ ইয়াৰ পিছতে শনিবাৰে ইৰাণ চৰকাৰে গ্ৰেপ্তাৰ কৰে অস্কাৰ বিজয়ী অভিনেত্ৰী গৰাকীক ৷ ধাৰণা কৰা হৈছে যে এই পষ্টটোৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে আলিধুষ্টিক ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments