Saturday, March 14, 2026
Homeঅসম"কেৱল চুমি বৰাই নহয় ৰিজাৰ্ভ বেংকৰ অনুমতি নোলোৱাকৈ  ট্ৰেডিং কৰা সকলোকে গ্ৰেপ্তাৰ...

“কেৱল চুমি বৰাই নহয় ৰিজাৰ্ভ বেংকৰ অনুমতি নোলোৱাকৈ  ট্ৰেডিং কৰা সকলোকে গ্ৰেপ্তাৰ কৰা হব ” –  ড° হিমন্ত বিশ্ব শৰ্মা

নিদান পূৰ্তি, মৰাণ: অনলাইন মানি ট্ৰেডিঙৰ নামত অবৈধভাৱে ধন সংগ্ৰহ কৰা প্ৰৱঞ্চকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’ব চৰকাৰে । ৰাজ্যত ট্ৰেডিঙৰ নামত প্ৰৱঞ্চক চক্ৰই চলাই লুন্ঠনৰ সম্পৰ্কত ডিব্ৰুগড়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

মুখ্যমন্ত্ৰীয়ে কয়, ৰিজাৰ্ভ বেংকৰ অনুমতি নোলোৱাকৈ আমাৰ দেশত কোনোৱে বিত্তীয় লেনদেন কৰিব নোৱাৰে। বিনিয়োগকাৰীসকল জানি-বুজি যদি ধন বিনিয়োগ কৰিছে তেনেহ’লে ভুল কৰিছে ।
ট্ৰেডিঙৰ নামত ধন সংগ্ৰহ কৰা প্ৰৱঞ্চকসকলক ধৰাৰ ক্ষেত্ৰত আমি ৰাইজৰ সহযোগিতা বিচাৰিছোঁ। ৰাইজে তাৎক্ষণিকভাৱে অভিযোগ দিয়ক। আমি গোটেই ব্যৱস্থাটোকে নোহোৱা কৰিম । ৰিজাৰ্ভ বেংক আৰু ৰিজাৰ্ভ বেংকৰ দ্বাৰা অনুমোদিত সংস্থাতহে ধন জমা ৰাখক। নহ’লে বাৰে বাৰে আমি ঠগ আৰু প্ৰৱঞ্চনাৰ বলি হৈ থাকিব লাগিব।
উল্লেখ্য যে, ডিব্ৰুগড়ৰ লীলা গগৈ পথ, জীৱন ফুকন নগৰত ইস্কন মন্দিৰৰ  ভূমি পূজন আৰু শিলান্যাস কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই ।
ডিব্ৰুগড় চহৰৰ জালান নগৰ চাহ বাগিছাৰ প্ৰায় তিনি বিঘা ভূমিত এই মন্দিৰৰ অনুষ্ঠানিক ভাবে নির্মাণ কাৰ্যৰ শুভাৰম্ভ কৰা হয় ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments