সোমবাৰে কিউবাৰ ৰাজধানী হাভানাত দেশখনৰ ৰাষ্ট্ৰপতি মিগুৱেল ডিয়াজ-কানেলৰ সৈতে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই এক দ্বিপাক্ষিক বৈঠকত মিলিত হয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কিউবাৰ দুগৰাকী উপ-প্ৰধানমন্ত্ৰী আৰু ৬গৰাকী বিভিন্ন দপ্তৰৰ মন্ত্ৰীৰ সৈতে আলোচনাতো মিলিত হয়। ইয়াৰোপৰি, মেলিছা হাৰিকেনৰ ক্ষতিক মোকাবিলা কৰিবলৈ ভাৰতবৰ্ষই প্ৰেৰণ কৰা সাহায্য সামগ্ৰী আনুষ্ঠানিকভাৱেও অৰ্পণ কৰা হয়।
