Tuesday, March 10, 2026
Homeঅসমইকুৱেডৰ, বলিভিয়া আৰু কিউবালৈ বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

ইকুৱেডৰ, বলিভিয়া আৰু কিউবালৈ বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

কেন্দ্ৰীয় বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই অহা ৪ নৱেম্বৰৰ পৰা ১০ নৱেম্বৰলৈ চৰকাৰী কাৰ্যসূচীৰে লেটিন আমেৰিকা আৰু কেৰিবিয়ান অঞ্চলৰ তিনিখন দেশ ইকুৱেডৰ, বলিভিয়া আৰু কিউবা ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে উক্ত দেশসমূহৰ ৰাজনৈতিক নেতৃত্বক সাক্ষাৎ কৰি দুয়ো পক্ষৰ স্বাৰ্থ বিজড়িত বিষয়সমূহ আলোচনা কৰাৰ লগতে দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰিব।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ইকুৱেডৰত ভ্ৰমণকালত দেশখনৰ ৰাজধানী কুইটোত স্থায়ী ভাৰতীয় দূতাবাস স্থাপনৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰিব। বলিভিয়া ভ্ৰমণকালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৮ নৱেম্বৰত বলিভিয়াৰ প্রশাসনিক ৰাজধানী লা পাজত অনুষ্ঠিতব্য নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰি অংশগ্ৰহণ কৰিব। অন্যহাতে কিউবাত মন্ত্ৰীগৰাকীয়ে স্বাস্থ্য আৰু চিকিৎসা, ডিজিটেল জনসেৱা পৰিকাঠামো আৰু সক্ষমতা নিৰ্মাণৰ ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ ওপৰত আলোচনা কৰিব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments