Sunday, July 6, 2025
Homeৰাষ্ট্ৰীয়সচাঁকৈ নিউয়ৰ্ক টাইছে পেইড নিউজ প্ৰকাশ কৰে নেকি ?

সচাঁকৈ নিউয়ৰ্ক টাইছে পেইড নিউজ প্ৰকাশ কৰে নেকি ?

ডিজিটেল ডেস্ক ANES24X7: সচাকৈ আম আদমী পৰ্টীয়ে নিউয়ৰ্ক টাইমত টকা দি বাতৰি কৰিছিল নেকি ? দিল্লীৰ শিক্ষা ব্যৱস্থা সন্দৰ্ভত নিউয়ৰ্ক টাইমছৰ মুখ্য পৃষ্ঠাত এটা বাতৰি পোৱাৰ পিছতে তীব্ৰ সমালোচনা কৰিছে বিজেপি দলৰ আইটি চেলে ।

বিজেপি দলৰ আইটি চেলৰ প্ৰভাৰী অমিত মালব্যই এই বাতৰিটোক পেইড নিউজ আখ্যা দিছে । আনহাতে বিজেপিৰ আইটি চেলৰ লগত জৰিত আন এজন ব্যক্তি পুনিত আগৰৱালে কয় য়ে , “এইটা টকা দি উলিওৱা নিউজ । ইয়াক নিউজ বুলি নকয় ইয়াক টকা খৰছ কৰি বিজ্ঞাপন দিয়া বুলি কয় । যি কৰিলেও মনীষ চিছোডিয়া তিহাৰ জেললৈ যাব । তেওঁৰ স্থান তাতে । “

নিউয়ৰ্ক টাইমছৰ এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে সমগ্ৰ দেশজুৰি তীব্ৰ চৰ্চা সৃষ্টি হৈছে । নিউজটো সম্পৰ্কে ভিন্ন জনে ভিন্ন মত প্ৰকাশ কৰিছে । ইয়াৰ মাজতে বাতৰিটো পেইড নিউজ আখ্যা দিয়াকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নিউইয়ৰ্ক টাইম কৰ্তৃপক্ষয় । বিজেপি দলে এই বাতৰিটোক পেইড নিউজ আখ্যা দিয়া কথাটোক খাৰিজ কৰিছে নিউইয়ৰ্ক টাইম কৰ্তৃপক্ষই ।

এই সন্দৰ্ভত দেশৰ আগশাৰীৰ এক সংবাদ প্ৰতিষ্ঠানৰ আগত নিউইয়ৰ্ক টাইম কৰ্তৃপক্ষয় মন্তব্য কৰি কয় যে “এই নিউজটো কোনো কাৰণতে বিজ্ঞাপন নহয় । আমি গ্ৰাউণ্ড ৰিপৰ্টৰ ভিত্তিত এই বাতৰি যুগুত কৰিছো ।

” নিউয়ৰ্ক টাইমৰ মুখপাত্ৰ নিকোল টাইলৰে কয় যে , “নিউয়ৰ্ক টাইমছে সদায় স্বতন্ত্ৰ সাংবাদিকতা কৰি আহিছে । আমাৰ প্ৰতিটো বাতৰি ৰাজনৈতিক চাপ আৰু বিজ্ঞাপনৰ পৰা মুক্ত । আমাৰ বাতৰি সমূহ আমাৰ অনুমতি সাপেক্ষে বিভিন্ন সংবাদ প্ৰতিষ্ঠানে পুনৰ প্ৰকাশ কৰে ।”

উল্লেখ্য যে , নিউয়ৰ্ক টাইমছ দিল্লীৰ শিক্ষা ব্যৱস্থাৰ আমূল পৰিবৰ্তন সন্দৰ্ভত মুখ্য পৃষ্ঠাত বাতৰি প্ৰকাশ পোৱাৰ পিছতে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী মনীষ চিছোডিয়াৰ বাসগৃহত চিবিআইৰ এটা দলে অভিযান চলাইছিল । ইয়াৰ পিছতে সমগ্ৰ দেশজুৰি এই ঘটনাৰ তীব্ৰ চৰ্চা সৃষ্টি হয় । আনহাতে বিভিন্ন সময়ত দিল্লিৰ চৰকাৰী কাৰ্যালয় সমূহত চাডেন ভিজিত কৰি দুৰ্নীতিৰ লগত জৰিত বিষয়া কৰ্মচাৰীক চকৰিৰ পৰা নিলম্বন কৰিছিল উপ-মুখ্যমন্ত্ৰী মনীষ চিছোডিয়াই । এক প্ৰকাৰৰ কঠোৰ মন্ত্ৰী হিচাপে এক সুকীয়া পৰিচয় আছে চিছোডিয়াৰ ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments