Saturday, November 9, 2024
Homeৰাষ্ট্ৰীয়পাকিস্তানৰ বান বিধ্বস্ত জনতালৈ সমবেদনা প্ৰধানমন্ত্ৰী মোডীৰ

পাকিস্তানৰ বান বিধ্বস্ত জনতালৈ সমবেদনা প্ৰধানমন্ত্ৰী মোডীৰ

ডিজিটেল ডেস্ক ANEWS24X7: প্ৰকৃতিৰ ৰোহত পৰিছে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান । ভাৰতৰ বৈৰী ৰাষ্ট্ৰ খনত এতিয়া বানৰ তাণ্ডৱ । এনে পৰিস্থিতিত পাকিস্তানৰ বান বিধ্বস্ত জনতালৈ সমবেদনা জ্ঞাপন কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্র মোডীয়ে ।

সোমবাৰে এক টুইট যোগে বান বিধ্বস্ত পাকিস্তানৰ জনতাক সমবেদনা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে , ”বানৰ বিভিষিকা দেখি মৰ্মাহত হৈছো । বানত ক্ষতিগ্ৰস্ত সকলো পৰিয়াললৈ , আহত আৰু নিহত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো । আশা কৰো অতি সোনকালে দেশখনলৈ স্বাভাৱিক অৱস্থা ঘুৰি আহিব ।’’

উল্লেখ্য যে বৰ্তমান পৰ্যন্ত পাকিস্তানত ১,১০০ জন লোক মৃত্যু হৈছে । ইয়াৰ ওপৰিও প্ৰায় তিনি কোটি নোক গৃহহীন হৈছে । এনে পৰিস্থিতিৰ লগত মুকাবিলা কৰিবৰ বাবে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে আন্তৰ্জাতিক মহলৰ পৰা সহায়ৰ হাত বিচাৰিছে ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments