ডিজিটেল ডেস্ক, ANEWS24X7: ভাৰতলৈ কেতিয়া ওভতাই অনা হ’ব মষ্ট ৱানটেড সন্ত্ৰাসবাদী হাফিজ ছাইদ আৰু দাউদ ইব্ৰাহিমক৷ এইটো এতিয়া প্ৰতিজন ভাৰতীয়ৰে প্ৰশ্ন ৷ ভাৰত চৰকাৰে এই সন্দৰ্ভত পাকিস্তান চৰকাৰক এই দুইজন সন্ত্ৰাসবাদীক ভাৰতলৈ ওভতাই পঠিয়াবলৈ কেইবাবাৰো আহ্বান জনাইছে ৷
অৱশ্যে এই ক্ষেত্ৰত কোনো ধৰণৰ সঁহাৰি প্ৰদান কৰা নাই পাকিস্তান চৰকাৰে ৷ এই প্ৰশ্নই এতিয়া বিবুদ্ধিত পেলাইছে পাকিস্তান চৰকাৰক ৷ ইন্টাৰপোলৰ বাৰ্ষিক সন্মিলনটো উত্থাপন কৰা হৈছে প্ৰশ্ন ৷ইন্টাৰপোলৰ বাৰ্ষিক সন্মিলনলৈ অহা পাকিস্তানৰ ফেডাৰেল ইনভেষ্টিগেচন এজেঞ্চীৰ মুৰব্বী মহছিন বাট সন্মুখীন হয় এই প্ৰশ্নৰ ৷

ইন্টাৰপোলৰ বাৰ্ষিক সন্মিলনত উপস্থিত সংবাদ কৰ্মী সকলে মহছিন বাটক এই প্ৰশ্ন উত্থাপন কৰে ৷ সাংবাদ কৰ্মীৰ এই প্ৰশ্নৰ কোনো সঁহাৰি প্ৰদান নকৰে ফেডাৰেল ইনভেষ্টিগেচন এজেঞ্চী মুৰব্বী গৰাকীয়ে ৷ সংবাদ কৰ্মীৰ এই প্ৰশ্নৰ উত্তৰত ধন্যবাদ দি সম্পূৰ্ণ প্ৰশ্নৰ পৰা আঁতৰি চলে ৷ সংবাদ কৰ্মীৰ এই প্ৰশ্নই অস্বস্তিত পেলালে পাকিস্তানৰ ফেডাৰেল ইনভেষ্টিগেচন এজেঞ্চীৰ মুৰব্বী মহছিন বাটক ৷
