Monday, July 7, 2025
Homeআন্তঃৰাষ্ট্ৰীয়'গণহত্যা'ৰ বাবে পাকিস্তানে খোজক ক্ষমা : আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিনিধি সভা

‘গণহত্যা’ৰ বাবে পাকিস্তানে খোজক ক্ষমা : আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিনিধি সভা

ডিজিটেল ডেস্ক, ANEWS24X7:  আমেৰিকাৰ সদনত পাকিস্তানত সন্দৰ্ভত বিশেষ প্ৰস্তাৱ গ্ৰহণ ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিম্ন সদন হাউচ অৱ ৰিপ্ৰেজেন্টিটিভছত উত্থাপন কৰা হৈছে ৷ ১৯৭১ চনৰ যুদ্ধত পাকিস্তানৰ সেনাই বাংলাদেশত সংঘটিত কৰা গণহত্যাৰ বিৰুদ্ধে গ্ৰহণ কৰা হৈছে প্ৰস্তাৱ ৷ প্ৰস্তাৱটোত আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰক সমৰ্থন প্ৰদান কৰিবলৈ আহ্বান জনাইছে নিম্ন সদনে ৷

শুক্ৰবাৰে প্ৰতিনিধি সভাত সাংসদ ৰো খান্না আৰু ষ্টিভ চাবটে এই প্ৰস্তাৱৰ বাবে আবেদন কৰিছিল ৷ এই প্ৰস্তাৱত ১৯৭১ চনৰ যুদ্ধত পাকিস্তান সেনাৰ কাৰ্যকলাপৰ বাবে পাকিস্তানক ক্ষমা বিচাৰিব লাগে বুলি কোৱা হৈছে ৷ এই প্ৰস্তাৱৰ বাবে আমেৰিকাৰ সদনত দীৰ্ঘদিনৰ পৰা প্ৰচেষ্টা চলিছিল ৷ অৱশেষত প্ৰথমবাৰৰ বাবে আমেৰিকাৰ নিম্ন সদনে ৰাজহুৱা প্ৰস্তাৱ ৰূপত উত্থাপন কৰিছে ৷

এই সন্দৰ্ভত সাংসদ ৰো খান্না আৰু ষ্টিভ চাবটে টুইট কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ ষ্টিভে কয় যে , ‘‘ ১৯৭১ চনৰ বাংলাদেশৰ গণহত্যাৰ কথা পাহৰিবা নালাগে । ৰো খান্নাৰ সৈতে মই প্ৰস্তাৱ দিছো যে সেই সময়ত পাকিস্তানী সেনাই বঙালী আৰু হিন্দুসকলৰ বিৰুদ্ধে গণহত্যা কৰিছিল ।’’ ৰো খান্নাই কয় যে ,‘‘ এই ক্ষেত্ৰত ষ্টিভক অংশীদাৰ হিচাপে লাভ কৰি গৌৰৱান্বিত । পাহৰি যোৱা গণহত্যাটোৰ ফলত লাখ লাখ বঙালী আৰু হিন্দুৰ মৃত্যু হৈছিল বা নিশ্চিহ্ন হ’ব লগা হৈছিল ।’’

উল্লেখ্য যে ১৯৭১ চনৰ যুদ্ধত পাকিস্তানক সহায় কৰিছিল আমেৰিকাই । এই যুদ্ধত সমগ্ৰ বিশ্বৰ বিৰুদ্ধে গৈ কেৱল মাত্ৰ ভাৰতেহে বাংলাদেশক সহায় কৰিছিল । এই ক্ষেত্ৰত ৰাছিয়াই বন্ধু ৰাষ্ট্ৰ ভাৰত সহায় । ৰাছিয়াই বন্ধুত্বৰ খাতিৰত আমেৰিকা, ব্ৰিটেইনৰ দৰে শক্তিশালী দেশৰ বিৰুদ্ধে ঠিয় দিছিল ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments