ডিজিটেল ডেস্ক, ৫জানুৱাৰী: শুকুৰবাৰে পাকিস্তানৰ চেনেটে ঠাণ্ডা বতৰ আৰু নিৰাপত্তাজনিত উদ্বেগ প্ৰকাশ কৰি সাধাৰণ নিৰ্বাচনত বিলম্ব বিচৰা প্ৰস্তাৱত অনুমোদন জনাইছে, যাৰ ফলত ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া পৰিকল্পিত নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক অনিশ্চয়তা বৃদ্ধি পাইছে।
নিৰ্দলীয় চিনেটৰ দিলাৱাৰ খানে দাখিল কৰা এই প্ৰস্তাৱে পাকিস্তানৰ সংসদৰ উচ্চ সদনত অতিশয় সমৰ্থন লাভ কৰে।
অৱশ্যে তথ্য মন্ত্ৰী মুৰ্তাজা সোলাংগী আৰু তিনিবাৰৰ প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ পাকিস্তান মুছলিম লীগ-নৱাজ (পিএমএল-এন) দলে এই পদক্ষেপৰ বিৰোধিতা কৰে।
চিনেটৰ খানে কয় যে দেশৰ বেছিভাগ অঞ্চলতে বৰ্তমান কঠোৰ ঠাণ্ডা বতৰৰ সন্মুখীন হৈছে, গতিকে সেই অঞ্চলসমূহৰ নিৰ্বাচনত অংশগ্ৰহণ কৰাটো অসাধ্য।
নিৰাপত্তা পৰিস্থিতিৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰি তেওঁ আইন-শৃংখলাৰ পৰিস্থিতি ভাল নহয় বুলি কয় আৰু লগতে কয় যে জমিয়ত উলামা-ই-ইছলাম ফাজলৰ (জুই-এফ)ৰ মুৰব্বী ফজলুৰ ৰেহমানৰ ওপৰত আক্ৰমণকে ধৰি ৰাজনীতিবিদসকলক লক্ষ্য কৰি লোৱা হৈছে।
তেওঁ লগতে কয় যে বেলুচিস্তান আৰু খাইবাৰ পাখতুনখোৱা (প্ৰদেশ)তো নিৰাপত্তা বাহিনীকো আক্ৰমণ কৰা হৈছে।
ডন কাকতৰ মতে, উচ্চতম ন্যায়ালয়ে পাকিস্তানৰ নিৰ্বাচন আয়োগক ৮ ফেব্ৰুৱাৰীত নিৰ্বাচন অনুষ্ঠিত কৰাৰ ঘোষণাত অটল থাকিবলৈ স্পষ্ট নিৰ্দেশ দিয়াৰ পিছতো মাত্ৰ ১৪ জন সাংসদ উপস্থিত থাকি এই প্ৰস্তাৱ গৃহীত কৰা হৈছে।
ছিনেটৰ এই পদক্ষেপে দেশত ৰাজনৈতিক আৰু অৰ্থনৈতিক অস্থিৰতা বৃদ্ধি কৰাৰ সম্ভাৱনা আছে।
পাকিস্তান ষ্টক এক্সচেঞ্জে এই প্ৰস্তাৱৰ প্ৰতি নেতিবাচক প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰু লগে লগে শ্বেয়াৰ বজাৰ ৮০০ পইণ্টতকৈ অধিক হ্ৰাস পায়।