ডিজিটেল ডেস্ক, 22:ছেপ্তেম্বৰ: শুকুৰবাৰে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে এদিনীয়া ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ দলৰ খেলুৱৈৰ নাম ঘোষণা কৰে ।শীৰ্ষৰ অধিকাংশ খেলুৱৈৰ নাম আছে যদিও দুজন মানৰ নাম নতুনকৈ সংযোজন কৰা দেখিবলৈ পোৱা যায় ।প্ৰবীণ পেচাৰ বলাৰ হাছান আলীৰ নাম সংযোজন কৰে(Pakistan Squad for ICC World Cup 2023)।বাবৰ আজমে ক্ৰিকেট বিশ্বকাপত অধিনায়ক আৰু ছাদাব খান তেওঁৰ ডেপুটি হ’ব।মুখ্য নিৰ্বাচক ইনজামাম উল হকে নাছিম শ্বাহৰ আঘাতৰ বাবে হাছানক দলত অনথভুক্তি কৰে ।
এছিয়া কাপত ভাৰতৰ বিৰুদ্ধে খেলৰ সময়ত ২০ বছৰীয়া নছিমে কান্ধত আঘাত পাইছিল। অস্ত্ৰোপচাৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে আৰু তিনি-চাৰি মাহৰ পিছত সুস্থ হোৱাৰ সম্ভাৱনা আছে।ইনজামামে বিশ্বকাপৰ বাবে তিনিজন ভ্ৰমণকাৰী ৰিজাৰ্ভৰ কথাও ঘোষণা কৰে — উইকেটকীপাৰ বেটছমেন মহম্মদ হাৰিছ, মিষ্ট্ৰী স্পিনাৰ আব্ৰাৰ আহমেদ আৰু বেগী বলাৰ জামান খান যিসকলক দলত কোনো ধৰণৰ আঘাতৰ সন্মুখীন হ’লে বিবেচনা কৰা হ’ব।তেওঁ কয়, “নছিম শ্বাহৰ দুৰ্ভাগ্যজনক আঘাতৰ বাবে আমি এটা পৰিৱৰ্তন কৰিবলৈ বাধ্য হৈছিলো।
শেহতীয়াকৈ এছিয়া কাপত আমাৰ আঘাতৰ বাবে কেইটামান ভয় আছিল, কিন্তু মই এই কথা শ্বেয়াৰ কৰি আনন্দিত হৈছো যে সকলো খেলুৱৈয়ে সম্পূৰ্ণ ফিট আৰু নিজৰ দেশৰ হৈ প্ৰদৰ্শন কৰিবলৈ আগ্ৰহী।প্ৰশিক্ষক গৰাকীয়ে লগতে কয় যে আমাৰ মেডিকেল পেনেলৰ পৰা হাৰিছ ৰাউফৰ বিষয়ে উৎসাহজনক প্ৰতিবেদন পাইছো।”
মোৰ দৃঢ় বিশ্বাস যে এই দলে পাকিস্তানলৈ বিশ্বকাপৰ ট্ৰফী আনিব পাৰিব আৰু তেওঁলোকৰ অবিশ্বাস্য প্ৰদৰ্শনেৰে সমগ্ৰ দেশখনক গৌৰৱান্বিত কৰিব পাৰিব।পাকিস্তানে ২৯ ছেপ্টেম্বৰত নিউজিলেণ্ড আৰু ৩ অক্টোবৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দুখন ৱাৰ্ম আপ মেচ খেলিব আৰু তাৰ পূৰ্বে ৬ অক্টোবৰত নেদাৰলেণ্ডৰ বিৰুদ্ধে প্ৰতিযোগিতাখনৰ আৰম্ভণি মেচ খেলিব।
এদিনীয়া ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ বাবে পাকিস্তানৰ দলৰ খেলুৱৈ সকলৰ নামৰ তালিকা এনেধৰণৰ-বাবৰ আজম (অধিনায়ক), ছাদাব খান (সহ অধিনায়ক), ফাখৰ জামান, ইমাম উল হক, আব্দুল্লা শ্বাফিক, মহম্মদ ৰিজৱান, ইফতিখাৰ আহমেদ, আঘা ছলমান, চৌদ শ্বাকিল, মহম্মদ নৱাজ, শ্বাহীন আফ্ৰিদি, হৰিছ ৰাউফ, হাছান আলী, উছামা মিৰ, মহম্মদ ৱাছিম জুনিয়ৰ ।