Tuesday, March 10, 2026
Homeৰাজনৈতিক‘হয় শান্তিত ৰুটি খাওক, নহ’লে...’

‘হয় শান্তিত ৰুটি খাওক, নহ’লে…’

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ গৃহ ৰাজ্য গুজৰাটত অপাৰেচন সিন্দুৰৰ পিছত প্ৰথমবাৰৰ বাবে ৰাজহুৱা সভা সম্বোধন কৰে। তাৰ পূৰ্বে মোদীক এক ৰেলীত অংশগ্ৰহণ কৰা দেখা গৈছিল।

প্ৰত্যাহ্বান সুৰত মোদীয়ে ক’লে, ‘‘হয় ৰুটি খাওক, নহয় বুলেট! পছন্দ আপোনাৰ।’

”পেহেলগামত পৰ্যটকৰ ওপৰত হোৱা আক্ৰমণৰ পিছত আমি ১৫ দিন অপেক্ষা কৰিছিলো। পাকিস্তানে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কিবা ব্যৱস্থা ল’ব নেকি চাই আছিলো। যেতিয়া দেখিলো যে তেওঁলোকে কোনো ব্যৱস্থা লোৱা নাই, তেতিয়া মই সশস্ত্ৰ বাহিনীক সম্পূৰ্ণ স্বাধীনতা দিছো।’’

‘‘পাকিস্তানক সন্ত্ৰাসবাদৰ দৰে ৰোগৰ পৰা মুক্ত কৰিবলৈ পাকিস্তানৰ যুৱ সমাজ আগুৱাই অহা উচিত। শান্তি আৰু সমৃদ্ধিৰ জীৱন যাপন কৰক। নিজৰ খাদ্য নিজে খাওক। নহ’লে আমাৰ বুলেট সদায় সাজু।’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments