ডিজিটেল ডেস্ক, ANEWS24X7: জিম্বাবুৰ ক্ৰিকেটাৰলৈ পাকিস্তানৰ অভিনেত্ৰীৰ বাম্পাৰ অফাৰ । টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত উপনীত হোৱাৰ দৌৰ আকৰ্ষণীয় হৈ পৰিছে । ইয়াৰ মাজতে এগৰাকী পাকিস্তানী অভিনেত্ৰীৰ এটা টুইটে খলকনিৰ সৃষ্টি কৰিছে ।
বিশ্বকাপৰ ছেমি ফাইনেলত নিজৰ দেশক সমৰ্থন জনাই পাকিস্তানৰ জনপ্ৰিয় অভিনেত্ৰী শ্বেহাৰ শিনৱাৰীয়ে টুইট কৰিছে ।
শ্বেহাৰ শিনৱাৰীয়ে পাকিস্তান ক্ৰিকেট দলক সমৰ্থন কৰি জিম্বাবুৰ ক্ৰিকেট দললৈ আগ বঢ়াইছে অফাৰ ।জিম্বাবুয়েৰ ক্ৰিকেটাৰসকলক ভাৰতক পৰাস্ত কৰিবলৈ আহ্বান জনাইছে।জিম্বাবুৱে পৰৱৰ্তী টি-২০ বিশ্বকাপৰ মেছত ভাৰতক পৰাস্ত কৰিব পাৰিলে জিম্বাবুৰ এজন ক্ৰিকেটাৰৰ সৈতে বিয়াত বহিব শ্বেহাৰ ।
উল্লেখ্য যে টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলৰ দৌৰত আকৰ্ষণীয় পৰ্যায়ত উঠিছে গ্ৰুপ-২। এই গোটৰ দুটা দলে ছেমি ফাইনেললৈ যাব পাৰে। কিন্তু দৌৰত চাৰিটা দল আছে। য’ত তালিকাৰ শীৰ্ষস্থানত থকা ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰে ছেমি ফাইনেললৈ যোৱাৰ সম্ভাৱনা অধিক।