Friday, November 8, 2024
Homeআন্তঃৰাষ্ট্ৰীয়ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদ বিয়পোৱাৰ অভিযোগ পাকিস্তানৰ বিদেশ মন্ত্ৰী বিলাৱল ভুট্ট জাৰ্দাৰীৰ

ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদ বিয়পোৱাৰ অভিযোগ পাকিস্তানৰ বিদেশ মন্ত্ৰী বিলাৱল ভুট্ট জাৰ্দাৰীৰ

ডিজিটেল ডেস্ক, ANEWS24X7: পুনৰ ভাৰতৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে পাকিস্তানৰ বৈদেশিক মন্ত্ৰী বিলাৱল ভুট্ট জাৰ্দাৰীয়ে ৷ নিউয়ৰ্কত এক সংবাদমেল সম্বোধন কৰি কয় ভাৰতক তীব্ৰ আক্ৰমণ কৰে ৷ বিলাৱল ভুট্ট জাৰ্দাৰীয়ে কয় যে ,‘‘ ভাৰত চৰকাৰে মহাত্মা গান্ধীৰ আদৰ্শত বিশ্বাস নকৰে , কিন্তু তেওঁৰ হত্যাকাৰীৰ মতববাদত বিশ্বাস কৰে ৷’’

ভাৰতৰ বিৰদ্ধে পাকিস্তানত সন্ত্ৰাসবাদক ইন্ধন যোগোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৷ বিলাৱলে কয় যে ,‘‘পাকিস্তানত সন্ত্ৰাসবাদী কাৰ্যকলাপে চুবুৰীয়া দেশসমূহৰ পৰা সমৰ্থন লাভ কৰিছে ৷ বিদেশী চক্ৰয় বালুচিস্তানত অস্থিৰতা সৃষ্টি কৰিবলৈ সক্ৰিয়ভাৱে চেষ্টা কৰি আছে ৷’’

পাকিস্তানৰ বৈদেশিক মন্ত্ৰী গৰাকীয়ে লগতে দাবী কৰে যে , লাহোৰৰ জেহৰ টাউনত হোৱা বিস্ফোৰণৰ সৈতে ভাৰতৰ সম্পৰ্কৰ বহু প্ৰমাণ আছে ৷ পাকিস্তানৰ সন্ত্ৰাসাদে দেশৰ বাহিৰৰ পৰা পৃষ্ঠপোষকতা লাভ কৰে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments