ডিজিটেল ডেস্ক, ANEWS24X7: পাকিস্তানৰ পেছাৱৰত সোমবাৰে মছজিদৰ ভিতৰত সংঘটিত হয় বিস্ফোৰণৰ। য’ত ২০ জন লোক নিহত হোৱাৰ লগতে ৯৬ জন লোক আহত হয়। ইপিনে জুহৰ নামাজৰ অন্তত দিনৰ প্ৰায় ১বাজি ৪০ মিনিটত মহানগৰ আৰক্ষী লাইন এলেকাৰ সমীপত সংঘটিত হয় এই বিস্ফোৰণ।
বিস্ফোৰণৰ প্ৰভাৱত মছজিদৰ এটা ফাল ভাঙি পৰে লগতে সামাজিক মাধ্যমত দেখা গৈছে যে ধ্বংসাৱশেষত পৰিণত হৈছে মছজিদৰ ভিতৰ। ইপিনে ‘আত্মঘাতী আক্ৰমণকাৰীয়ে নামাজৰ সময়ত মছজিদৰ ভিতৰত বিস্ফোৰণ ঘটায়। আনহাতে আহতসকলক পেছাৱাৰৰ লেডী ৰিডিং হাস্পতাললৈ স্থানান্তৰ কৰা হৈছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে।
চিকিৎসালয়ৰ চিকিৎসকে জনোৱা মতে, আহতসকলৰ ১৩ জনৰ অৱস্থা সংকটজনক। ইপিনে স্থানীয় অঞ্চলটোত জৰুৰীকালীন অৱস্থা জাৰি কৰি ঘেৰাও কৰি ৰখা হৈছে অঞ্চলটো ।