ডিজিটেল ডেস্ক, anews24x7: পাকিস্তানত ৰাজনৈতিক সমাৱেশত সন্ত্ৰাসবাদী বিস্ফোৰণ। উত্তৰ-পশ্চিম পাকিস্তানৰ খাইবাৰ পখতুনখোৱাত সংঘটিত হোৱা বিস্ফোৰণত ৩৯ জন লোকৰ মৃত্যু হোৱা বুলি প্ৰশাসনিক সূত্ৰই প্ৰকাশ কৰিছে। বহু আহত।
আফগানিস্তান সীমান্তৰ সমীপৰ খাৰ চহৰত জমিয়ত উলেমা-ই-ইছলাম-এফ (JUI-F) নামৰ এটা সংগঠনৰ সমাৱেশ হৈছিল। তাত সংগঠনটোৰ কমেও ৪০০ শ্ৰমিক-সমৰ্থক সমবেত হয়। অভিযোগ উত্থাপন হৈছে যে সেই সমাৱেশত বোমা আক্ৰমণ সংঘটিত হৈছিল। খাইবাৰ পাখতুনখোৱা প্ৰদেশৰ স্বাস্থ্যমন্ত্ৰী ৰিয়াজ আনোৱাৰে সংবাদ সংস্থা এ এফ পিৰ আগত কয় যে, এই ঘটনাৰ ফলত এতিয়াও ৩৯ জন লোকৰ মৃত্যু হৈছে। আহত হয় ১২৩জন লোক। ইয়াৰে ১৭ জনৰ অৱস্থা সংকটজনক।” স্থানীয় সূত্ৰই দাবী কৰা মতে, বোমা আক্ৰমণত স্থানীয় জুই-এফৰ এজন নেতা নিহত হৈছে।
প্ৰশাসনিক সূত্ৰৰ মতে, ৰাজনৈতিক সমাৱেশ অনুষ্ঠিত হোৱা অঞ্চলটোক ঘেৰাও কৰি ৰখা হৈছে। প্ৰদেশখনৰ ভাৰপ্ৰাপ্ত তথ্য মন্ত্ৰী ফিৰোজশ্বাহ জামালে কয় যে আমি বোমা আক্ৰমণত আহতসকলক পেছাৱাৰৰ চিকিৎসালয়লৈ স্থানান্তৰিত কৰাৰ চেষ্টা কৰিছো, যাৰ অৱস্থা সংকটজনক। তেওঁৰ বাবে হেলিকপ্টাৰৰ ব্যৱস্থা কৰা হৈছে।
আনুষ্ঠানিকভাৱে কোনো সংগঠনে এই বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই বুলি আনুষংগিক সূত্ৰই দাবী কৰিছে। কিন্তু আক্ৰমণৰ প্ৰকৃতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰথমতে ধাৰণা কৰা হৈছে যে এই কাণ্ডৰ আঁৰত আই এছ হ’ব পাৰে। বহুতৰ মতে, ইয়াৰ কাৰণ হ’ল আইএছে শেহতীয়াকৈ JUI-F ৰ ওপৰত এনেধৰণৰ কেইবাটাও আক্ৰমণ সংঘটিত কৰিছে।
এই ঘটনাৰ পিছতে জুআই-এফৰ মুৰব্বী মৌলানা ফজলুৰ ৰহমানে সংগঠনটোৰ কৰ্মীসকলক শান্ত হৈ থাকিবলৈ কৈ তদন্তৰ দাবী জনায়। তেওঁ কয়, ‘এই সময়ত JUI কৰ্মীসকলে শান্ত হৈ থকাটো গুৰুত্বপূৰ্ণ। আমাৰ চৰকাৰলৈ অনুৰোধ যে আহত হোৱা সকলক ভাল চিকিৎসাৰ ব্যৱস্থা কৰক।