Friday, November 8, 2024
Homeআন্তঃৰাষ্ট্ৰীয়ৰাষ্ট্ৰসংঘত পুনৰ ভাৰতক আক্ৰমণৰ লক্ষ্য কৰি ললে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰিফে

ৰাষ্ট্ৰসংঘত পুনৰ ভাৰতক আক্ৰমণৰ লক্ষ্য কৰি ললে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰিফে

ডিজিটেল ডেস্ক, ANEWS24X7: ৰাষ্ট্ৰসংঘৰ মজিয়াত পুনৰ ভাৰতক আক্ৰমণৰ লক্ষ্য কৰি ললে পাকিস্তানে ৷ শুক্ৰবাৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত কাশ্মীৰ প্ৰসংগত পুনৰ সৰৱ হৈ পৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰিফ ৷ শ্বাহবাজ শ্বৰিফে কাশ্মীৰৰ পৰা ভাৰত চৰকাৰে ৩৭০ ধৰা প্ৰত্যাহাৰ কৰা সন্দৰ্ভত মন্তব্য কৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

শ্বাহবাজ শ্বৰিফে কাশ্মীৰ সম্পৰ্কত ভাৰতক আক্ৰমণ কৰি কয় যে ,‘‘ভাৰতীয় সেনাই জম্মু-কাশ্মীৰত অত্যাচাৰ আৰু মানৱ অধিকাৰ উলংঘন অব্যাহত ৰাখিছে৷বল প্ৰয়োগৰ জৰিয়তে জনগাঁথনিৰ চৰিত্ৰ সলনি কৰাৰ চেষ্টা কৰিছে৷মুছলমান সংখ্যাগৰিষ্ঠ কাশ্মীৰক হিন্দু সংখ্যাগৰিষ্ঠ কাশ্মীৰলৈ পৰিৱৰ্তন কৰিব বিচাৰিছে৷’’

উল্লেখ্য যে ৰাষ্ট্ৰসংঘত ইয়াৰ পূৰ্বেও পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰিফ আৰু ইমৰান খানে ভাৰতৰ বিৰুদ্ধে এনেধৰণ অভিযোগ উত্থাপন কৰি আহিছে ৷ শ্বাহবাজ শ্বৰিফৰ এই অভিযোগৰ পিছত পুনৰ ভাৰত আৰু পাকিস্তানৰ মাজত এখন বাক যুঁজ চলিব বুলি কূটনীতিবিদসকলে মত প্ৰকাশ কৰিছে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments