সৰুপথাৰৰ পৰা পৰাণ গোস্বামী: বিগত কিছুদিনৰ আগতে নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে সভাপতি ভূপেন বৰাৰ স্থানত সাংসদ গৌৰৱ গগৈক সভাপতি হিচাবে নিযুক্তি প্ৰদান কৰিছিল। সেই অনুসৰি পূৰ্বৰ প্ৰদেশ কংগ্ৰেছৰ কমিটিখনো বাতিল হৈ পৰিছিল।
পৰবৰ্তী সময়ত গঠন হবলগীয়া টিম গৌৰৱ গগৈ কমিটি খনত কোনে স্থান পাব তাক লৈ ব্যাপক উৎসুকতাৰ সৃষ্টি হৈছিল।অবশেষত সকলো জল্পনা কল্পনাৰ অন্ত পেলাই সোমবাৰে নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে ঘোষণা কৰিলে ৰাজনৈতিক পৰিক্ৰমা কমিটিৰ সম্পূৰ্ণ তালিকা ।
সেই তালিকাত সম্পাদক হিচাবে পুনৰ স্থান পাইছে গোলাঘাট জিলাৰ সৰুপথাৰ বিধান সভা সমষ্টিৰ যুৱ নেতা পল্লব চেতিয়াই। উল্লেখযোগ্য যে ছাত্ৰ অৱস্থাৰ পৰাই কংগ্ৰেছৰ ছাত্ৰ সংগঠন NSUI যোগেদি ৰাজনীতিলৈ অহা পল্লৱ চেতিয়া সৰুপথাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক,NSUI আৰু যুৱ কংগ্ৰেছৰো সভাপতি হিচাবে কাৰ্য্যনিৰ্বাহ আছিল । চেতিয়াক পুনৰ সম্পাদক হিচাবে নিযুক্তি দিয়াত উৎফুল্লিত হৈ পৰিছে সৰুপথাৰৰ কংগ্ৰেছ কৰ্মীসকল ৷