Friday, November 8, 2024
Homeআন্তঃৰাষ্ট্ৰীয়ইউক্ৰেইনৰ দূতাবাস আৰু কনচুলেটলৈ অচিনাক্ত ব্যক্তিৰ পাৰ্চেল

ইউক্ৰেইনৰ দূতাবাস আৰু কনচুলেটলৈ অচিনাক্ত ব্যক্তিৰ পাৰ্চেল

 

ডিজিটেল ডেস্ক, ANEWS24X7:  ইউৰোপৰ বিভিন্ন দেশত থকা ইউক্ৰেইনৰ দূতাবাস আৰু কনচুলেটলৈ অচিনাক্ত ব্যক্তিৰ পাৰ্চেল প্ৰেৰণ ৷ অজ্ঞাত ব্যক্তিৰ দ্বাৰা প্ৰেৰণ কৰা পাৰ্চেল সমূহত জন্তুৰ চকু পোৱা গৈছে ৷শুক্ৰবাৰে এই কথা সদৰী কৰিছে ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ওলেহ নিকোলেঙ্কোৱে ৷

সামাজিক মাধ্যমৰ যোগেদি এই কথা সদৰী কৰে নিকোলেঙ্কোৱে ৷ নিকোলেঙ্কোৱে প্ৰদান কৰা তথ্য অনুসৰি , ছয়খন দেশত থকা ইউক্ৰেইনৰ দূতাবাস আৰু কনচুলেটলৈ পাৰ্চেল প্ৰেৰণ কৰা হৈছে ৷ ইয়াৰ ভিতৰত আছে হাংগেৰী , নেডাৰলেণ্ড , পোলেণ্ড ,ক্ৰোৱেছিয়া আৰু ইটালীত থকা ইউক্ৰেইনৰ দূতাবাস আৰু ইটালীৰ নেপলছত থকা ইউক্ৰেইনৰ কনচুলেট , পোলেণ্ডৰ ক্রাকো আৰু চেক গণৰাজ্যৰ বৰ্নো ৷

বুধবাৰে ইটালীৰ মাদ্ৰিদত থকা ইউক্ৰেইনৰ দূতাবাসলৈ এটা পাৰ্চেল প্ৰেৰণ কৰা হৈছিল ৷ পাৰ্চেলটোৰ ভিতৰত বিস্পোৰক আছিল ৷ ঘটনাটোৰ ফলত এজন দূতাবাসৰ বিষয়া আহত হৈছিল ৷

পাৰ্চেলসমূহ কোনে প্ৰেৰণ কৰিছে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ৷ জন্তুৰ চকু প্ৰৰণ কৰি বি বাৰ্তা প্ৰেৰণ কৰা হৈছে তাক বুজিবলৈ চেষ্টা কৰি থকা হৈছে ৷

ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰী দিমিত্রি কুলেবায়ে এই সন্দৰ্ভত কয় যে, ‘‘ইউক্ৰেইনৰ দূতাবাস আৰু কনচুলেটত আতংক বিয়পোৱাৰ বাবে এইটো এটা পৰিকল্পনা বুলি ভবাৰ যথেষ্ট থল আছে।’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments