Tuesday, March 10, 2026
Homeৰাজনৈতিক'পৰীক্ষা পে চৰ্চা'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত অসমীয়াৰ স্বাভিমান গামোচাৰ প্ৰশংসা

‘পৰীক্ষা পে চৰ্চা’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত অসমীয়াৰ স্বাভিমান গামোচাৰ প্ৰশংসা

প্ৰথমবাৰৰ বাবে ব্ৰহ্মপুত্ৰৰ বুকুত পৰীক্ষা পে’ চৰ্চা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিলাষী শৈক্ষিক কাৰ্যসূচী ‘পৰীক্ষা পে’ চৰ্চা’লৈ জনতাৰ অভূতপূৰ্ব সঁহাৰিয়ে ভংগ কৰিলে বিগত ৮ বছৰৰ অভিলেখ।

‘পৰীক্ষা পে চৰ্চা’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত অসমীয়াৰ স্বাভিমান গামোচাৰ প্ৰশংসা। গামোচাক মহিলা সৱলীকৰণৰ প্ৰতীক হিচাপে উল্লেখ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই বিশেষ পদক্ষেপৰ লক্ষ্য হৈছে শিক্ষাৰ্থীৰ মনৰ পৰা পৰীক্ষাৰ ভয় আঁতৰাই মানসিক চাপৰ পৰা মুক্ত কৰা। প্ৰতি বছৰৰ দৰেই দেশৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক, শিক্ষকসকলেও এই কাৰ্যসূচীত যোগদান কৰিছে। এই অনুষ্ঠানত শিশুসকলক শিকোৱা হয় যে পৰীক্ষা এক স্বাভাৱিক প্ৰক্ৰিয়া, কোনো বৃহৎ বোজা নহয়। ইয়াত প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ সৈতে বন্ধুৰ দৰে অন্তৰংগ আলাপ কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে এতিয়ালৈকে “পৰীক্ষা পে চৰ্চা”ত এই পাঁচটা মন্ত্ৰ দিছে- ১) পৰীক্ষাক উৎসৱৰ দৰে উদযাপন কৰক, ২) আনৰ লগত নহয়, নিজৰ লগত প্ৰতিযোগিতা কৰক, ৩) ডিজিটেল উপবাস কৰক, অৰ্থাৎ প্ৰযুক্তিৰ সঠিক ব্যৱহাৰ কৰক, ৪) প্ৰথমে কঠিন কামবোৰ মোকাবিলা কৰক, ৫) পৰীক্ষা যোদ্ধা হওক, ভাটৌৰ দৰে শিকাৰু নহওক।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments