ডিজিটেল ডেস্ক, ANEWS24X7: বিশ্বৰ ভিতৰত আটাইতকৈ সন্মানীয় চাৰিটা ফেশ্বন উইকৰ ভিতৰত অন্যতম পেৰিছ ফেশ্বন উইক। ২০২৩ ত ব্যাপক সমাদৰ লাভ কৰা ভাৰতীয় ফেশ্বন ডিজাইনাৰ অসম কন্যা সংযুক্তা দত্তৰ নৱতম ফেশ্বন সম্ভাৰৰ শ্ব’“চিকি-মিকি”।ইপিনে ৩ মাৰ্চৰ সন্ধিয়াটিৰ কিছু সময় পেৰিছৰ লে চেলুন ডেছ মিৰ’ইৰছৰ ৰেম্পত সজ্জিত হৈ পৰে সংযুক্তা দত্তৰ ফেশ্বনৰ যাদুকৰী সৃষ্টিৰ প্ৰদৰ্শনেৰে।
পেৰিচত প্ৰদৰ্শিত এই ‘চিকি-মিকি’ফেশ্বন শ্ব’ত পাট-মূগাত নতুন ডিজাইনৰ সংমিশ্ৰণেৰে এগৰাকী নাৰীৰ সৌন্দৰ্যক পুনৰ নতুনকৈ উজলাই তোলাৰ প্ৰয়াস কৰিছে আন্তঃৰাষ্ট্ৰীয় ফেশ্বন জগতত । কেৱল অসমত উপলব্ধ বিৰল আৰু উচ্চমানৰ মূগা ,পাটৰ কাপোৰৰ ওপৰত বৰ্ণিল সমাহিত ৰঙৰ সতেজ মিশ্ৰণ তুলি ধৰিছে ডিজাইনাৰ সংযুক্তা দত্তই ৷ পেৰিচত শ্ব’টোত প্ৰদৰ্শিত সংযুক্তা দত্তৰ প্ৰতিযোৰ পোচাকে সুনিপুণ হাতেৰে প্ৰস্তুত কৰা অনুপম সৌন্দৰ্যৰে ভৰপূৰ বুলি প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে ৷
সংযুক্তাৰ এই উচ্চমানৰ ফেশ্বন ডিজাইনে ভাৰতীয় হস্ততাঁত শিল্পৰ জয়যাত্ৰা অব্যাহত ৰখাৰ লগতে জীৱনৰ প্ৰতিটো দিশতে মহিলাসকলৰ বাবে সমসাময়িক পৰম্পৰাগত ফেশ্বনৰ সংমিশ্ৰণ নিশ্চিত কৰে।আন্তঃৰাষ্ট্ৰীয় ফেশ্বন জগতত নিজৰ সবল খোজেৰে অসমৰ নাম উজলোৱা সংযুক্তা দত্তৰ পেৰিচত প্ৰদৰ্শিত এই ‘চিকি-মিকি’ ফেশ্বনৰ বস্ত্ৰ সম্ভাৰে ভাৰতীয় পৰম্পৰাগত সাজ-পোচাকক সময়োপযোগী ৰূপত আন্তঃৰাষ্ট্ৰীয় মঞ্চত এক অন্য মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে ৷