আজিৰে পৰা আৰম্ভ হৈছে সংসদৰ শীতকালীন অধিৱেশন। দেশত SIRৰ প্ৰসংগ চৰ্চিত হৈ থকাৰ সময়তে ১৯ ডিচেম্বৰলৈকে চলিব লগা এই শীতকালীন অধিবেশনে ৰাজধানীৰ উত্তাপ বৃদ্ধি কৰিব বুলি বিৰোধী শিবিৰে ইংগিত দিছে। কালি সৰ্বদলীয় বৈঠকত তৃণমূল, কংগ্ৰেছ, সমাজবাদী পাৰ্টি, ডি এম কেকে ধৰি বিৰোধী দলসমূহে SIR সন্দৰ্ভত আলোচনাৰ দাবী জনাইছে। তৃণমূলে স্পষ্ট বাৰ্তা দিছে যে তেওঁলোকে সংসদ চলি থকাটো বিচাৰে যদিও ৰাজ্য চৰকাৰৰ লগতো সহযোগ কৰিব লাগিব।
এই অধিবেশনত তৃণমূলে উত্থাপন কৰিব SIR আৰু ৰাজ্যৰ বকেয়াৰ বিষয়। আনহাতে, কালি সমাজবাদী পাৰ্টিৰ ৰামগোপাল যাদৱে ঘোষণা কৰে যে SIRৰ বিষয়ে আলোচনা নকৰিলে সংসদত ব্যাঘাত জন্মাব।
অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰিছে ভাষণ। তেওঁ অধিৱেশনত চৰকাৰৰ স্থিতিৰ সুৰ নিৰ্ধাৰণ কৰিব। পুৱা ১০ বজাত বিৰোধী শিবিৰৰ বৈঠকৰো কথা আছিল।
