Thursday, December 26, 2024
Homeৰাষ্ট্ৰীয়পতঞ্জলিৰ ১৪ বিধ ঔষধ বিক্ৰীত জাৰি কৰা হৈছে নিষেধাজ্ঞা

পতঞ্জলিৰ ১৪ বিধ ঔষধ বিক্ৰীত জাৰি কৰা হৈছে নিষেধাজ্ঞা

ডিজিটেল ডেস্ক, ৯জুলাইঃ পতঞ্জলিৰ গ্ৰাহক সকলৰ বাবে ডাঙৰ খবৰ। পতঞ্জলিৰ বিৰুদ্ধে কঠোৰ হৈছে উচ্চতম ন্যায়ালয় । চ’ছিয়েল মিডিয়াৰ পৰা পতঞ্জলিৰ ১৪ বিধ ঔষধৰ বিজ্ঞাপন আঁতৰাবলৈ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে । আপুনি যদি এই ১৪ বিধ সামগ্ৰী পতঞ্জলি সামগ্ৰী ব্য়ৱহাৰ কৰিছিল এতিয়াৰে পৰা ব্য়ৱহাৰ কৰিব নোৱাৰিব । কিয়নো কঠোৰ হৈছে উচ্চতম ন্য়ায়ালয় । দুসপ্তাহৰ ভিতৰত পতঞ্জলিয়ে আদালতত দাখিল কৰিব লাগিব শপতনামা ।

চ’ছিয়েল মিডিয়াৰ পৰা পতঞ্জলিৰ ১৪ বিধ ঔষধৰ সকলো বিজ্ঞাপন আঁতৰাবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ। যোৱা এপ্ৰিল মাহত ঔষধ বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰিছিল আদালতে । ন্য়ায়ালয়ৰ নিৰ্দেশনাৰ ভিত্তিত বাতিল কৰা হৈছিল ১৪ বিধ ঔষধৰ অনুজ্ঞাপত্ৰ।

মাত্ৰ দুটা সপ্তাহ সময় সীমা বান্ধি দিয়া হৈছে দুটা সপ্তাহৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে ন্য়ায়ালয়ে । পতঞ্জলিৰ বিৰুদ্ধে উত্থাপিত হৈছে ভুৱা ঔষধ আৰু বিজ্ঞাপনৰ অভিযোগ ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments