ডিজিটেল ডেস্ক, ANEWS24X7: নিষিদ্ধ কৰা হ’ল ইছলামিক মৌলবাদী সংগঠন পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়া৷ পাঁচ বছৰৰ বাবে নিষিদ্ধ কৰা হৈছে পিএফআইক৷দেশ বিৰোধী কাৰ্যকলাপৰ লগত জড়িত থকা,সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে উচতনি প্ৰদান কৰা,সন্ত্ৰাসবাদী কাৰ্যকলাপৰ লগত জড়িত থকাৰ লগতে পুঁজি যোগান ধৰাৰ অপৰাধত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে নিষিদ্ধ ঘোষণা কৰে সংগঠনটোক৷পিএফআইৰ লগতে ইয়াৰ ৮টা ভগ্নী সংগঠনকো নিষিদ্ধ কৰা হৈছে৷
কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৰিহেব ইণ্ডিয়া ফাউণ্ডেচন, কেম্পাছ ফ্ৰণ্ট অৱ ইণ্ডিয়া, অল ইণ্ডিয়া ইমাম কাউন্সিল, নেচনেল কনফেডাৰেচন অৱ হিউমেন ৰাইটছ অৰ্গেনাইজেচন,নেচনেল উইমেনফ্ৰণ্ট, জুনিয়ৰ ফ্ৰণ্ট, এমপাৱাৰ ইণ্ডিয়া ফাউণ্ডেচন আৰু ৰিহেব ফাউণ্ডেচন(কেৰালা)কো নিষিদ্ধ কৰিছে৷ইউ.এ.পি.এ আইনৰ অধীনত নিষিদ্ধ কৰা হৈছে সংগঠনটোক৷
উল্লেখ্য যে সমগ্ৰ দেশতে ইছলামিক মৌলবাদী সংগঠন পিএফআইৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা এনআইএ অভিযান তীব্ৰতৰ কৰিছে৷দেশৰ ৭ খন ৰাজ্যৰ পৰা ২৩০ জন পিএফআই সদস্যক এনআইএ গ্ৰেপ্তাৰ কৰিছে৷অসমৰ পৰাও শেহতীয়াকৈ ২৫ জন পিএফআই সদস্যক গ্ৰেপ্তাৰ কৰিছে