ডিজিটেল ডেস্ক, A NEWS 24×7 : ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম সফল অধিনায়ক মহেন্দ্ৰ সিং ধোনী। সুদীৰ্ঘ সময়ৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ নেতৃত্বভাৰ দায়িত্ব সহকাৰে পালন কৰিছিল প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে। লাভ কৰিছিল ইটোৰ পাছত সিটো সফলতা। ভাৰতে ২০০৭ চনৰ টি-২০ আৰু ২০১১ৰ এদিনীয়া বিশ্বকাপৰ খিতাপ ধোনীৰ নেতৃত্বতে জয় কৰিছিল।
ধোনীৰ প্ৰতি ভাৰতৰ জনসাধাৰণৰ মৰমৰ আন এক উদাহৰণ ঘটিছিল শেহতীয়াকৈ চলি থকা ২০২৩ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ছিজনত চেন্নাই ছুপাৰ কিংছ (চি এছ কে) দলে লোৱা এখন বিমানত। ধোনী নেতৃত্বাধীন চি এছ কে দলটোক নিজৰ বিমানত দেখা পাই পাইলট গৰাকীয়ে ওলাই আহি চাৰিবাৰ চেম্পিয়ন দলটোক সম্বোধন কৰিছিল।
সমগ্ৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅটোত পাইলটগৰাকীয়ে ধোনিৰ বাবে বিশেষ বাৰ্তা কৰি ছুপাৰ কিংছৰ অধিনায়ক হৈ থাকিবলৈ আহ্বান জনায়। “প্লিজ চি এছ কেৰ অধিনায়ক হৈ থাকিব। মই আপোনাৰ বিশাল অনুৰাগী ছাৰ”।