Tuesday, March 10, 2026
Homeঅসম‘‘জুবিন গাৰ্গ আছিল অসমৰ সংস্কৃতিৰ উজ্জ্বল ৰত্ন’’

‘‘জুবিন গাৰ্গ আছিল অসমৰ সংস্কৃতিৰ উজ্জ্বল ৰত্ন’’

আজি ১২৬ সংখ্যক ‘মন কী বাত’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্মৰণ কৰিলে অসম আৰু অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক।জুবিন গাৰ্গ আৰু সুধাকণ্ঠ ড° ভূপেন হাজৰিকাক স্মৰণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, “অসমে আজি যি সময়ত ভূপেন হাজৰিকা দেৱৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰি আছে, সেই সময়তে কেইদিনমান পূৰ্বে এক দুঃসময়ো আহিল। জুবিন গাৰ্গ দেৱৰ আকস্মিক বিয়োগত অসমবাসী শোকাকূল হৈ পৰিছে।

লুইতকণ্ঠ জুবিন গাৰ্গক স্মৰণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, “জুবিন গাৰ্গ এগৰাকী অতি জনপ্ৰিয় কণ্ঠশিল্পী আছিল। তেওঁ নিজৰ সৃষ্টিৰাজীৰ জৰিয়তে সমগ্ৰ দেশতেই এক সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছিল।” “অসমীয়া সংস্কৃতিৰ সৈতে জুবিন গাৰ্গৰ অতি ওতঃপ্ৰোত সম্পৰ্ক আছিল। জুবিন গাৰ্গ আমাৰ স্মৃতিত সদায় জীয়াই থাকিব। জুবিন গাৰ্গৰ সংগীতে উত্তৰ প্ৰজন্মকো চিৰকাললৈ মন্ত্ৰমুগ্ধ কৰি ৰাখিব।”

“জুবিন গাৰ্গ আছিল অসমৰ সংস্কৃতিৰ উজ্জ্বল ৰত্ন। জনতাৰ হৃদয়ত তেওঁ সদায় জীয়াই থাকিব।”

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments