Monday, March 23, 2026
Homeৰাজনৈতিকদেশত ইন্ধনৰ নাটনি কিমান?

দেশত ইন্ধনৰ নাটনি কিমান?

সোমবাৰে লোকসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য। পশ্চিম এছিয়াৰ পৰিস্থিতি “উদ্বেগজনক” আৰু “চিন্তনীয় বিষয়”। পশ্চিম এছিয়াত চলি থকা সংঘাতে ভাৰতৰ অৰ্থনীতি, ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু মানৱীয় খণ্ডৰ বাবে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে ।পশ্চিম এছিয়াৰ পৰিস্থিতি “উদ্বেগজনক” আৰু “চিন্তনীয় বিষয়”। পশ্চিম এছিয়াত চলি থকা সংঘাতে ভাৰতৰ অৰ্থনীতি, ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু মানৱীয় খণ্ডৰ বাবে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে ।

“আমাৰ লক্ষ্য হৈছে তেল, গেছ আৰু ফাৰ্টিলাইজাৰ পৰিবাহী জাহাজ যাতে নিৰাপদে দেশত উপস্থিত হয়। আমাৰ প্ৰচেষ্টাৰ ফলস্বৰূপে হৰমুজ প্ৰণালীত আবদ্ধ হৈ থকা কেইবাখনো জাহাজ ইতিমধ্যে ভাৰতত উপস্থিত হৈছে। বিগত দশকত ভাৰতত ইথানল উৎপাদনত বহু কাম কৰা হৈছে। ফলস্বৰূপে আমি ৪.৫ কোটি বেৰেল কমকৈ আমদানি কৰিবলগীয়া হৈছে। ৰে’লৰ বৈদ্যুতিনকৰণৰ বাবেও আমাৰ দেশত ডিজেলৰ চাহিদা হ্ৰাস পাইছে। মেট্ৰ’ নেটৱৰ্ক সম্প্ৰসাৰণ আৰু ইলেক্ট্ৰনিক গতিশীলতাৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ বাবেও চাহিদা হ্ৰাস পাইছে।”

“শক্তিৰ সুৰক্ষা নিশ্চিত কৰাটো প্ৰয়োজন। ভাৰতে এতিয়া ৪১খন দেশৰ পৰা শক্তি আমদানি কৰে। ভাৰতত ৫৩ লাখ মেট্ৰিক টন পেট্ৰ’লৰ কৌশলগত যোগান আছে। ভাৰতে বিভিন্ন দেশৰ সৈতে আলোচনাত মিলিত হৈছে। উদ্দেশ্য হৈছে য’ৰ পৰা সম্ভৱ গেছ আৰু ইন্ধনৰ নিৰৱচ্ছিন্ন যোগান অব্যাহত ৰখা। হৰমুজ প্ৰণালী বন্ধ থকাৰ পিছতো ভাৰতৰ চেষ্টা আছিল কোনো পৰিস্থিতিতেই যেন LPG, পেট্ৰ’ল আৰু ডিজেলৰ সৰবৰাহ নাটনি নহয়। ভাৰত সজাগ আৰু সচেতন হৈ আছে।

‘‘৩ লাখ ৭৫ হাজাৰৰো অধিক ভাৰতীয় যুদ্ধ আৰম্ভ হোৱাৰ পাছত সুৰক্ষিতভাৱে ভাৰতলৈ উভতি আহিছে। মাত্ৰ ইৰানৰ পৰা ১০০০ হাজাৰৰ ওপৰৰ ভাৰতীয় আহিছে, য’ত এটা বৃহৎ অংশই চিকিৎসা শিক্ষা লৈ আছিল, তেওঁলোকে উভতি আহিছে। প্ৰায় ১ কোটি ভাৰতীয় যুদ্ধ বিভ্ৰান্ত দেশসমূহত থকাৰ সম্ভাৱনা আছে। ভাৰতীয় নাবিকো আছে। সেইবাবে ভাৰতৰ সংসদৰ পৰা এই যুদ্ধ সম্পৰ্কে একত্ৰিত হৈ মাত মতা উচিত, সেইটো জৰুৰী। মই নিজে দুবাৰ ফোনত কথা পাতিছো। দুৰ্ভাগ্যজনকভাৱে কিছুমান লোকৰ মৃত্যু হৈছে, কিছুমান লোক নিখোঁজ হৈছে। আমি সেই দেশত থকা ভাৰতীয়সকলক সকলো ধৰণৰ সহযোগিতা আগবঢ়াইছোঁ। সংকটৰ পৰিস্থিতিত ভাৰতীয়ৰ সুৰক্ষা আমাৰ প্ৰধান প্ৰাথমিকতা।’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments