ডিজিটেল ডেস্ক, ANEWS24X7: অস্ত্ৰ লৈ সপোন পূৰণ নহ’ল, শৰীৰেও অস্ত্ৰ লৈ সংগ্ৰাম কৰাৰ অনুমতি প্ৰদান নকৰে ৷ শেষত আত্মসমৰ্পণ কৰিলে মাওবাদী নেত্ৰী ঊষা ৰাণীয়ে ৷ শনিবাৰে মাওবাদী নেত্ৰী আলুৰি উষা ৰাণী ওৰফে ভানু দিদীয়ে তেলেংগানা আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে ৷ ৫৩ বছৰীয়া দুধৰ্ষ মাওবাদী নেত্ৰী ঊষা ৰাণীক বিজয়ক্কা আৰু পোচাক্কা বুলিও জনা গৈছিল ৷
তেলেংগনাৰ গুন্টুৰ জিলাৰ তেনালী অঞ্চলৰ বাসিন্দা ঊষা ৰাণী মাওবাদীৰ দণ্ডাকৰণ্য জোনেল কমিটিৰ সদস্য আছিল ৷ ঊষা ৰাণীয়ে আত্মসমৰ্পণৰ কাৰণ হিচাপে এক বিবৃতি জাৰি কৰিছে ৷ বিবৃতিটোত কয় যে , ‘‘সশস্ত্ৰ সংগ্ৰামৰ জৰিয়তে সমাজসলনি কৰাৰ সপোন বাস্তৱায়িত হোৱা নাই৷ শৰীৰৰ অৱস্থা অৱনতি ঘটিছে ৷’’
প্ৰাক্তন মাওবাদী নেত্ৰী ঊষা ৰাণীয়ে কয় যে ,‘‘ মাওবাদীৰ বস্তাৰৰ দায়িত্বত থকা নেতা সকলক তেওঁৰ চিকিৎসা ব্যৱস্থা কৰিবলৈ অনুৰোধ কৰিছিল ৷ কিন্ত আত্মগোপন অৱস্থাত চিকিৎসা কৰাটো সম্ভৱ হৈ নুঠিল ৷ ইয়াৰ ফলত ২০১৯ চনত তেওঁ আত্মসমৰ্পণ কৰাৰ সিদ্ধান্ত লৈছিল ৷ তেওঁ এতিয়া পৰিয়ালৰ লোক সকলৰ সৈতে শান্তিৰে জীৱন অতিবাহিত কৰিব বিচাৰে ৷’’
আৰক্ষী সূত্ৰৰ খবৰ অনুসৰি মাওবাদী নেত্ৰী ঊষাৰাণী তেলেংগানা আৰু ছত্তীশগড়ৰ কেইবাটাও হিংসাত্মক কাৰ্যকলাপৰ লগত জড়িত আছিল ৷ আত্মগোপন কৰি থকা অৱস্থাত তেওঁৰ নেতৃত্বত অৰ্ধসামৰিক বাহিনীৰ ওপৰত পাঁচটা আক্ৰমণ কৰিছিল ৷ তেওঁৰ বিৰুদ্ধে ৰাজহুৱা সম্পত্তি ক্ষতি কৰাৰো অভিযোগ আছে৷ তেলেংগানাৰ আৰক্ষী সঞ্চালক প্ৰধান মহেন্দ্ৰ ৰেড্ডীয়ে উষা ৰাণীৰ হিংসাৰ পথ এৰি মূলসুঁতিলৈ উভতি অহাৰ সিদ্ধান্তক আদৰণি জনাইছে। তেওঁ কয় যে স্বাস্থ্যৱান জীৱন যাপন কৰিবলৈ ঊষাৰাণীক প্ৰথমতে ৫০,০০০ টকা দিয়া হৈছিল। পিছত, চৰকাৰী পেকেজ অনুসৰি তেওঁক অধিক ধন প্ৰদান কৰা হ’ব।