ৰিদিপ শৰ্মা,কলিয়াবৰ: সদৌ অসম কবি সন্মিলনৰ অন্তৰ্ভুক্ত কলিয়াবৰ শাখা কবি সন্মিলনৰ উদ্যোগত গ্রীষ্ম বন্ধৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক বিকাশৰ লক্ষ্যৰে ৪, ৫, ৬ আৰু ৭ জুলাই তাৰিখে চাৰিদিনিয়াকৈ এখনি কবিতা আবৃত্তিৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে।
কৰ্মশালাখনি ষষ্ঠ শ্ৰেণীৰ পৰা উৰ্দ্ধৰ সকলোৰে বাবে মুকলি থাকিব। কুঁৱৰীটোল উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত কর্মশালাখনি পুৱা ১০ বজাৰ পৰা বিয়লি ১ বজালৈ অনুষ্ঠিত হ’ব।
কৰ্মশালাখনত অসম আবৃত্তি মঞ্চৰ সভাপতি তথা বিশিষ্ট আবৃত্তিকাৰ অৰুন্ধতী পদ্মপতি আৰু গোলাঘাটৰ কমাৰগাঁও মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মূৰব্বী অধ্যাপক তথা বিশিষ্ট আবৃত্তিকাৰ ড° গায়ত্ৰী বৰা কাকতি মুখ্য সমল ব্যক্তি হিচাপে উপস্থিত থাকিব।
আগ্ৰহীসকলে ৩০ জুনৰ ভিতৰত প্ৰ-পত্ৰ পূৰণ কৰি জমা দিব লাগিব। কৰ্মশালাৰ যোগদান মাচুল এশ টকা। কৰ্মশালাৰ শেষত প্ৰশিক্ষাৰ্থীসকলৰ মাজত এখনি আবৃত্তি প্রতিযোগিতা অনুষ্ঠিত হ’ব আৰু স্থানপ্রাপ্ত সকলক মুকলি সভাত পুৰস্কৃত কৰা হ’ব। লগতে সকলো প্ৰশিক্ষাৰ্থীকে অংশগ্ৰহণৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হ’ব বুলি উদ্যোক্তাসকলে জনাইছে। ইচ্ছুকসকলে অধিক জানিবৰ বাবে ৯৯৫৪৮৯৫৪০৩ অথবা ৭০০২৩৬৩০১৪ নম্বৰত যোগাযোগ কৰিব পাৰিব।