ডিজিটেল ডেস্ক, anews24x7: মণিপুৰৰ ঘটনাৰ দোষীক কৰায়ত্ত কৰিবলৈ তত্পৰ আৰক্ষী। ঘটনাৰে জড়িত ৪৫২জন লোকক আটক কৰিছে আৰক্ষীয়ে। বিভিন্ন জিলাৰ পৰা আৰক্ষীয়ে আটক কৰিছে লোককেইজনক। পাহাৰ-ভৈয়াম উভয়তে স্থাপন কৰিছে ১২৬টাকৈ তালাচী চকী। টুইটযোগে এই তথ্য সদৰী কৰিলে মণিপুৰ আৰক্ষীয়ে।
আনহাতে ঘটনাক লৈ উত্তাল হৈ পৰে ৰাজ্যসভা। ঘটনাক লৈ সংসদত বিতৰ্কৰ দাবী বিৰোধীৰ। বিৰোধীৰ প্ৰতিবাদত সদনৰ কাম-কাজ স্থগিত কৰা হয়। ২ বজালৈকে অধ্যক্ষই স্থগিত কৰিছে সদনৰ কাম-কাজ। জগদীপ ধনখড়ে স্থগিত কৰিলে সদনৰ কাম-কাজ।
মণিপুৰ ঘটনা সন্দৰ্ভত মুখ খুলিছে প্ৰধানমন্ত্ৰীয়ে। ‘মোৰ অন্তৰ খং আৰু বেদনাৰে ভৰি পৰিছে। মণিপুৰৰ ঘটনাই সমগ্ৰ দেশবাসীক লজ্জানত কৰিছে। যিকোনো সভ্য সমাজৰ বাবে এই ঘটনা লজ্জাজনক। দোষীয়ে কোনোপধ্যেই ৰেহাই নাপায়। আইনে নিজৰ পথ ল’ব। মণিপুৰৰ কন্যাৰ ক্ষেত্ৰত সংঘটিত কাণ্ড অক্ষমণীয়। মই সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীক নিৰ্দেশ দিছোঁ। মহিলা নিৰাপত্তাৰ ক্ষেত্ৰত যাতে কঠোৰ ব্যৱস্থা লয়।’