ডিজিটেল ডেস্ক , ANEWS24X7: মহিলাক বাইকেৰে খুন্দিয়াই নিহত কৰি ফেচবুক দম্ভালি মাৰি ভিডিঅ’ আপলোড কৰা ‘গেং অব ডেভিল’ৰ চাৰি সদস্যক গ্ৰেপ্তাৰ ৷
বিলাসীপাৰা আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে চাৰিজন যুৱকক ৷ বিলাসীপাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আখিৰুল ইছলাম ,মিনহাজুল কৰিম আৰু সহিদুল ইছলামক ।
ইয়াৰ ওপৰিও আৰক্ষীয়ে ‘গেং অব ডেভিল’ গ্ৰোপক সহযোগ কৰা আন পাঁচগৰাকী লোককো গ্ৰেপ্তাৰ কৰিছে ৷ আৰক্ষীয়ে অভিযান কালত জব্দ কৰিছে ষ্টাণ্ট কৰা কেইবাখনো বাইক ৷ আৰক্ষীয়ে জব্দ কৰি আনি থোৱা তিনিখন বাইক নিশা থানা চৌহদতে জ্বলাই দিয়ে দুৰ্বৃত্তই ৷
উল্লেখ্য যে সংবাদ মাধ্যমত এই সন্দৰ্ভত বাতৰি সম্প্ৰচাৰৰ পিছতে যুৱকেইজনৰ সন্ধানত অভিযানত নামি পৰিছিল আৰক্ষী । আৰক্ষীয়ে ষ্টাণ্ট কৰা বাইকৰ লগতে গেং অব ডেভিলৰ চাৰিজনক গ্ৰেপ্তাৰ কৰিছিল ।