Tuesday, March 10, 2026
Homeমনোৰঞ্জনআৰক্ষীয়ে জব্দ কৰিলে অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনৰ নাম ভুৱা পাছপৰ্ট

আৰক্ষীয়ে জব্দ কৰিলে অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনৰ নাম ভুৱা পাছপৰ্ট

 

ডিজিটেল ডেস্ক, ANEWS24X7: বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনৰ ভুৱা পছপৰ্ট জব্দ ৷ দিল্লী এনচিআৰত আৰক্ষীয়ে জব্দ কৰিছে অভিনেত্ৰী গৰাকীৰ নামৰ এখন ভুৱা পাছপৰ্ট ৷

খবৰ অনুসৰি নয়দা আৰক্ষী থানা বিটা-২ আৰক্ষী আৰু চাইবাৰ চেলে এটা ফাৰ্মাচিউটিকেল কোম্পানীৰ নামত প্ৰতাৰিত কৰাৰ বাবে তিনিজন নাইজেৰিয়ান লোকক গ্ৰেপ্তাৰ কৰিছিল । এই দলটোৱে এজন অৱসৰপ্ৰাপ্ত কৰ্ণেলক প্ৰায় এক কোটি ৮০ লাখ টকাৰ প্ৰৱঞ্চনা কৰিছিল । আৰক্ষীয়ে নাইজেৰিয়ান লোক কেইজনৰ পৰা বলীউড অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনৰ এখন ভুৱা পাছপৰ্ট উদ্ধাৰ কৰিছে ৷

এই সন্দৰ্ভত আৰক্ষী উপায়ুক্ত অভিষেক বাৰ্মাই কয় যে, ‘‘ বিটা-২ আৰক্ষী থানা আৰু গ্ৰেনো চাইবাৰ চেলে গ্ৰেটাৰ নয়ডাৰ পৰা তিনিজন নাইজেৰিয়ান নাগৰিক ইক উপহেৰেমুকেভ, এডউইন কলিন্স আৰু ওকোলোই ডামিয়ানক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীয়ে তথ্য পাইছিল যে দলটোৱে ‘এবট ফাৰ্মাচিউটিকেলছ’ কোম্পানীকে ধৰি অন্যান্য কোম্পানীৰ প্ৰতিনিধি হিচাপে প্ৰদৰ্শন কৰি লোকসকলক লক্ষ্য কৰি লৈছিল। ’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments