ডিজিটেল ডেস্ক, ANEWS24X7: যুদ্ধ বিধ্বস্ত ইউক্ৰেনে দৰিদ্ৰ , দুৰ্ভিক্ষ আৰু খৰাং প্ৰৱণ দেশবোৰলৈ ৰপ্তানি কৰিব শস্য ৷ দেশখনে ১৫০ নিযুত ডলাৰ মূল্যৰ শস্য ৰপ্তানি কৰাৰ পৰিকল্পনা কৰিছে ৷ শনিবাৰে ইউক্ৰেইনৰ ৰাজধানী কিয়েভত মিত্ৰশক্তিৰ সৈতে হোৱা এক সন্মিলনত এই পৰিকল্পনাৰ কথা ঘোষণা কৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ জেলেনস্কিয়ে ৷
ৰাষ্ট্ৰপতি জেলেনস্কিয়ে কয় যে ,‘‘ দেশখনত ৰাছিয়াৰ আক্ৰমণ আৰম্ভ হোৱাৰ পিছত সমগ্ৰ বিশ্বতে খাদ্য যোগানৰ অনিশ্চয়তা আৰু সংকটে দেখা দিছিল ৷ এই সংকট সমাধানৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ ইউক্ৰেইনে এই শস্য ৰপ্তানিৰ পদক্ষেপ গ্ৰহণ কৰিছে ৷ এই পৰিকল্পনাৰ নাম দিয়া হৈছে ‘গ্রেইন ফ্রম ইউক্রেন’ ৷’’
জেলেনস্কিয়ে লগতে কয় যে ,‘‘ইউক্ৰেইনে ইতিমধ্যে চুদান , ইথিওপিয়া, চোমালিয়া , দক্ষিণ চুদান আৰু য়েমেনৰ দৰে ২০ খনতকৈ অধিক দেশৰ পৰা ১৫০ নিুত ডলাৰ সংগ্ৰহ কৰিছে ৷ ইউৰোপীয় ইউনিয়নে ইউক্ৰেইনৰ পৰা এই দেশ সমূহলৈ শস্য বিতৰণ কৰিব ৷ শস্য ৰপ্তানিৰ বাবে ৬০ খন শস্য কঢ়িওৱা জাহাজ মুকলি কৰাৰ পৰিকল্পনা কৰা হৈছে ৷’’
মিত্ৰশক্তিৰ সন্মিলন খনত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্ৰাডিমিৰ জেলেনস্কিৰ উপৰিও দাংগেৰিৰ ৰাষ্ট্ৰপতি কেটালিন নোভাক , বেলজিয়ামৰ প্ৰধানমন্ত্ৰী আলেকজেণ্ডাৰ ডি ক্ৰুৰ , পোলেণ্ডৰ প্ৰধানমন্ত্ৰী মাটেউজ মোৰাউইকি আৰু লিথুৱেনিয়াৰ প্ৰধানমন্ত্ৰী ইনগ্ৰিডা চিমান্টিও উপস্থিত থাকে ৷ সন্মিলনখনত ভিডিঅ’ কনফাৰেন্সৰ যোগেদি উপস্থিত থাকে জাৰ্মান চাঞ্চেলৰ ওলাফ শুল্টজ, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন আৰু ইউৰোপীয়া আয়োগৰ মুৰব্বী উৰসুলা ভন ডেৰ লেয়েন ৷