পোষ্ট মেলনৰ কনচাৰ্টত নাচি উঠিল হাজাৰ হাজাৰ দৰ্শক। প্ৰিয় পপষ্টাৰগৰাকীৰ সুৰে সুৰে হাজাৰ হাজাৰ দৰ্শকে চিঞৰি চিঞৰি গালে ইটোৰ পিছত সিটো জনপ্ৰিয় গীত। গুৱাহাটীত মাৰ্কিন পপষ্টাৰ পোষ্ট মেলনৰ কনচাৰ্ট অনুষ্ঠিত ।
উত্তৰ পূব তথা দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ দৰ্শকে উপভোগ কৰিলে পপষ্টাৰগৰাকীৰ অনুষ্ঠান।চাৰ্টাৰ্ড বিমানেৰে গুৱাহাটী পালেহি মাৰ্কিন পপষ্টাৰ পোষ্ট মেলন। খানাপাৰা ফিল্ডত হাজাৰ হাজাৰ দৰ্শকৰ ভিৰ। অনুষ্ঠান আৰম্ভ হোৱাৰ কেইবাঘণ্টা আগৰ পৰাই ঠাহ খাই পৰিল খানাপাৰা ফিল্ড। অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ দৰ্শকে পপষ্টাৰগৰাকীৰ অনুষ্ঠান উপভোগ কৰাৰ বাবে উপস্থিত হ’ল অনুষ্ঠানস্থলীত। আৰু সন্ধিয়া হোৱাৰ লগে লগে আৰম্ভ হ’ল পোষ্ট মেলনৰ কনচাৰ্ট।
কনচাৰ্টৰ মাজতে পোষ্ট মেলনে স্মৰণ কৰিলে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক। জুবিনক কিংবদন্তি আখ্যা দি পোষ্ট মেলনে কয়, ‘কিংবদন্তি জুবিন গাৰ্গৰ জন্মভূমিত থাকি অভিভূত’। কিংবদন্তি জুবিনৰ গৃহভূমিত থাকি নিজকে ধন্য বুলি কয় পোষ্ট মেলনে।
সমালোচনা-সমৰ্থনৰ মাজতে গুৱাহাটীত হৈ গ’ল পোষ্ট মেলনৰ মেগা কনচাৰ্ট।
