Wednesday, April 8, 2026
Homeঅসম৮এপ্ৰিল, আদিবাসী সমাজৰ বাবে গভীৰ বেদনাৰ দিন

৮এপ্ৰিল, আদিবাসী সমাজৰ বাবে গভীৰ বেদনাৰ দিন

আজি ৮এপ্ৰিল। এবছৰৰ পূৰ্বে আজিৰ দিনটোতে হেৰাই গৈছিল এক বলিষ্ঠ কণ্ঠ। আজি আদিবাসী জাতীয় নায়ক প্ৰদীপ নাগৰ প্ৰথম মৃত্যুৱাৰ্ষিকী। আজিৰ দিনটোত জাতীয় নায়কগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰিছে সমগ্ৰ অসমৰ আদিবাসী ৰাইজৰ লগতে বিভিন্ন জাতীয় দল-সংগঠনে।জাতীয় নায়ক প্ৰদীপ নাগে আদিবাসী সমাজৰ অধিকাৰ, মৰ্যাদা আৰু উন্নয়নৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। তেখেতে সদায় সমাজৰ কল্যাণৰ বাবে আগবঢ়ি আহিছিল আৰু আদিবাসী জনগোষ্ঠীৰ কণ্ঠস্বৰ হিচাপে সাহসেৰে অন্যায়ৰ বিৰুদ্ধে মাত মাতিছিল। তেখেতৰ আদৰ্শ, সাহস আৰু নেতৃত্বই বহু লোকক সমাজৰ বাবে কাম কৰিবলৈ প্ৰেৰণা যোগাইছে।

আজি নগাঁৱৰ হাতীগাঁও চাহ বাগিছাৰ খেলপথাৰত আদিবাসী ছাত্ৰ সন্থা আছা নগাঁও জিলা সমিতিৰ উদ্যোগত আৰু হাতী গাওঁ আঞ্চলিক সমিতি ও স্থানীয় ৰাইজৰ সহযোগত আদিবাসী জাতীয় নায়ক প্ৰয়াত প্ৰদীপ নাগৰ প্ৰথম বাৰ্ষিক পূণ্য তিথি উদযাপন কৰা হয়। উপস্থিত আছাৰ কেন্দ্ৰীয় সভাপতি ৰেজান হৰো। একালৰ সতীৰ্থ তথা জাতীয় নায়ক গৰাকীক শ্ৰদ্ধাঞ্জলি জনাই আবেগিক হৈ পৰে আছাৰ সভাপতিগৰাকী।

আদিবাসী জাতীয় নায়ক প্ৰদীপ নাগে নিষ্ঠাৰে সেৱা আগবঢ়াইছিল আৰু জনগোষ্ঠীটোৰ সমাজৰ সামগ্ৰিক উন্নয়ন, অধিকাৰ আৰু সমৃদ্ধিৰ বাবে সকলো দিশতে সক্ৰিয় ভূমিকা পালন কৰিছিল। জন্মভূমিৰ প্ৰতি তেওঁৰ দায়িত্ব, কৰ্তব্য আৰু সামাজিক সচেতনতা সদায় প্ৰেৰণাদায়ক হৈ ৰ’ব। অসমৰ আদিবাসী সমাজৰ বাবে সদায় মাত মাতি অহা প্ৰদীপ নাগ আজি কায়িকভাৱে নাথাকিলেও সকলোৰে মন আৰু হৃদয়ত চিৰদিন জীয়াই থাকিব আদিবাসী টাইগাৰ হৈ। anews24x7ৰ তৰফৰ পৰা জাতীয় নায়ক গৰাকীক শ্ৰদ্ধাৰে সুঁৱৰি আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments