Thursday, May 22, 2025
Homeঅসমআছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰদীপ নাগৰ মৃত্যুত মৰাণত শোক, আছাৰ শোক প্ৰকাশ...

আছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰদীপ নাগৰ মৃত্যুত মৰাণত শোক, আছাৰ শোক প্ৰকাশ ।

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ সভাপতি বলিষ্ঠ কণ্ঠ প্ৰদীপ নাগ যোৱা কিছুদিনৰ পূৰ্বে পেটবিষত আক্ৰান্ত হোৱাত লগে লগে পৰিয়ালে যোৱা ৪ মাৰ্চত তেজপুৰ টাইমচ চিকিৎসালয়ত ভৰ্তি কৰিছিল যদিও আৰোগ্য লাভ নকৰাত যোৱা ৮ মাৰ্চত গুৱাহাটী নেমকেয়াৰ চিকিৎসালয়ত পৰিয়ালে ভৰ্তি কৰে ৷

তেখেত আৰোগ্য নোহোৱাত আৰু জটিল ৰোগ ধৰা পৰাত পোনৰ ১৫ মাৰ্চত উন্নত চিকিৎসাৰ বাবে দিল্লীস্থিত বেদান্তা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও যোৱা কেইদিনমান মৃত্যুৰ সৈতে যুজি তেখেত নিয়তিৰ ওচৰত হাৰ মাগি আজি ৮ এপ্ৰিলত পূৱতি নিশা প্ৰায় ২ বজাত বেদান্তা চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে ৷

তেখেতৰ মৃত্যুত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা ) পৰিয়াল বৰ্গৰ হৈ গভীৰ শোক প্ৰকাশ কৰি তেখেতৰ মৃত্যুত আদিবাসী সমাজৰ বৃহৎ ক্ষতি ৷ আছাৰ কেন্দ্ৰীয় সমিতিৰ হৈ ৰেজান হৰো, ৰাজু তিৰ্কী, চাক্ৰিয়াছ চৰেণ, দেবেন উৰাং, পুৰণ গঞ্জু, ৰাজা কুজুৰে জনিবলৈ দিয়া মতে তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো অহা কাইলৈ অৰ্থাৎ ৯ এপ্ৰিলত ওদালগুৰিৰ জিলাৰ বেঘাপাৰা গাওঁৰ নিজা বাসগৃহত পূৱা ১০ বজাত অনুষ্টিত কৰা হব ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments