Friday, April 18, 2025
Homeঅসমপ্ৰদীপ নাগক অন্তিম শ্ৰদ্ধাঞ্জলি ভেৰগাঁৱৰ আটাৰীখাটত

প্ৰদীপ নাগক অন্তিম শ্ৰদ্ধাঞ্জলি ভেৰগাঁৱৰ আটাৰীখাটত

ভেৰগাওঁৰ পৰা তীৰ্থ শৰ্মা: সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি প্ৰদীপ নাগক অন্তিম শ্ৰদ্ধাঞ্জলি ভেৰগাঁৱৰ আটাৰীখাটত । আদিবাসী জন-গনৰ বলিষ্ঠ কন্ঠ আছা নেতা প্ৰদীপ নাগৰ মৃত্যুই শোকস্তব্ধ কৰি তুলিছে আদিবাসী সমাজৰ লগতে সমগ্ৰ ৰাজ্যবাসীক ৷ ওদালগুৰিৰ বেঘাপাৰা নিবাসী আছা নেতা প্ৰদীপ নাগে ৪৮ বছৰ বয়সত চিকিৎসাধীন অৱস্থাতে মুব্বাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয় ।

আজি প্ৰদীপ নাগৰ নশ্বৰ দেহ ঘৰলৈ অনাৰ পথত ভেৰগাঁৱৰ আটাৰীখাটত বাগিছাত হাজাৰ -হাজাৰ গুণমুগ্ধই প্ৰিয় নেতা গৰাকীক শেষ শ্ৰদ্ধা জনাই। ওদালগুৰি জিলা আছাৰ সভাপতি বাবুল পাইকৰ নেতৃত্বত ওদালগুৰি , ভেৰগাঁও , পানেৰী , ডিমাকুছি , বৰঙ্গাজুলি , কচুবিল ,আটাৰীখাটকে ধৰি ঠায়ে-ঠায়ে হাজাৰ -হাজাৰ জনতা স্বতস্ফুতভাৱে ওলাই আহি নেতাগৰাকীৰ নশ্চৰ দেহত শেষ শ্ৰদ্ধা জনাই ৷ ৰাইজৰ লগত বিটিআৰৰ ই এম দাওবাইছা বড়োৰ লগতে বহুসংখ্যক প্ৰশাসনীয় বিষয়াইও নেতা গৰাকীক শেষ শ্ৰদ্ধা জনাই।

নেতাগৰাকীৰ নশ্চৰ দেহ আটাৰীখাটত উপস্থিত হোৱাৰ লগে লগে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় । গুৱাহাটী বিমানবন্দৰৰ পৰা তামুলপুৰ হৈ নিজ বাসগৃহলৈ শোক যাত্ৰাৰ সমদল উলিয়ায় ওদালগুৰি তামুলপুৰ পথত হাজাৰ-হাজাৰ লোকেৰে ভৰি পৰে আদিবাসীৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ হাজাৰ-হাজাৰ লোকে শোকত ম্ৰিয়মান হৈ পৰে ।

প্ৰদীপ নাগৰ অকাল মৃত্যুত প্ৰতিখন চাহ বাগিচাৰ শ্ৰমিকে কাম বাদ দি আজি ওলাই আহিছে ৰাজপথত , আনকি ওদালগুৰিৰ প্ৰান্তে-প্ৰান্তে দোকান বজাৰো বন্ধ ৰাখিছে । আছাৰ উপৰিও স্থানীয় বিভিন্ন দল-সংগঠন সমূহে গভীৰ শোকৰ প্ৰকাশ কৰাৰ লগতে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
__________

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments