Monday, March 16, 2026
Homeঅসমকংগ্ৰেছত কোনো হিন্দু নেতা থাকিব নোৱাৰে : মুখ্যমন্ত্ৰী

কংগ্ৰেছত কোনো হিন্দু নেতা থাকিব নোৱাৰে : মুখ্যমন্ত্ৰী

ডাঃ আছিফ মহম্মদ নজৰক টিকট দিলেই দল ত্যাগৰ হুংকাৰ প্ৰদান কৰিছে প্ৰদ্যুৎ বৰদলৈয়ে। জানিব পৰা অনুসৰি আছিফ নজৰক টিকট দিয়াৰ তীব্ৰ বিৰোধিতা কৰি আহিছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে।

এই হুংকাৰৰ পিছতে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘কংগ্ৰেছত কোনো হিন্দু নেতা থাকিব নোৱাৰে। ২০৩০ৰ ভিতৰত এজনো হিন্দু নেতা নাথাকে কংগ্ৰেছত। প্ৰদ্যুৎ বৰদলৈৰ লগত মই কথা পতা নাই। প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছৰ নগাঁৱৰ সাংসদ, এতিয়াই বিজেপিলৈ আহিলে সাংসদৰ আসনখন এৰিব লাগিব। মই সেইকাৰণে প্ৰদ্যুৎ বৰদলৈৰ যোগদান ২০২৯লৈ ৰাখিছোঁ।’’

‘‘কংগ্ৰেছত নতুন সভাপতি হোৱাৰ পৰা দলত বিসম্বাদ হৈছে। সেইকাৰণে ইজনৰ পাছত সিজন নেতাই কংগ্ৰেছ এৰিছে। ৰাইজৰ লগত কোনো সম্পৰ্ক নাই কংগ্ৰেছৰ সভাপতিৰ।’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments