গোৰেশ্বৰৰ নাওকাটাত হিতাধিকাৰী আৰু আৰ্থসামাজিক সজাগতা সভা ।
সভাত উপস্থিত থাকে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো।
অঞ্চলটোৰ দহ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা সভাত উপস্থিত থাকি প্ৰমোদ বড়োৱে নাওকাটাত এখন মিনি ষ্টেডিয়াম আৰু পৰ্যটকৰ আকৰ্ষণৰ বাবে বগামাটিক পৰ্যটন ক্ষেত্ৰৰূপে গঢ়ি তোলা হ’ব বুলি ঘোষণা কৰে।
ইফালে ইউপিপিএলে মাত্ৰ ৪খন আসন পাব বুলি হাগ্ৰামা মহিলাৰীয়ে কৰা মন্তব্য সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে।
‘”হাগ্ৰামা মহিলাৰীৰ যাদুৰ লাঠি কেতিয়াবাই ভাঙি গৈছে।
হাগ্ৰামা মহিলাৰীয়ে এইবাৰ নিজৰ সমষ্টি ভেবাৰগাঁৱতে নিজিকে ।
৪০টা সমষ্টিৰ কোনটো সমষ্টিত জিকিব তেওঁলোকে কব নোৱাৰে। এনেই আবোল তাবোল কৈ থাকে ।”
সজাগতা সভাত অংশগ্ৰহণ কৰাৰ অন্তত সাংবাদ মাধ্যমৰ আগত এইদৰে হাগ্ৰামা মহিলাৰীক কটাক্ষ কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে। আনহাতে প্ৰমোদ বড়োৰ দিনত বিটিআৰৰ উন্নয়ন হোৱা নাই বুলি হাগ্ৰামা মহিলাৰীয়ে কৰা মন্তব্য সন্দৰ্ভত প্ৰমোদ বড়োৱে কয়–
হাগ্ৰামা মহিলাৰীয়ে উন্নয়নৰ সংজ্ঞা বুজি নাপায়। গতিকে উন্নয়নৰ কথা কি ক’ব?
সভাত সাংসদ জয়ন্ত বসুমতাৰী , গোৰেশ্বৰৰ পাৰিষদ পৱিত্ৰ কুমাৰ বড়ো, পবিত্ৰ নাৰ্জাৰীকে ধৰি কেইবাগৰাকী ইউপিপিএলৰ বিষয়ববীয়া উপস্থিত থাকে।