তীৰ্থ বৰা, নগাঁও: পখিলা খেদাৰ বয়সতে অসাৰ হৈ গৈছিল তাইৰ ভৰি দুখন । এছ এম এ ৰোগত আক্ৰান্ত হৈ হেৰুৱাই পেলাইছিল শৈশৱৰ মাধুৰ্যতা । ফুলগুৰিৰ “শান্তি নিলয়”ৰ এটা কোঠাৰ এখন শেতেলীয়েই হৈ পৰিছিল তাইৰ জীৱন সংগী । নাম তাইৰ শৰ্মিষ্ঠা প্ৰীতম । কিন্তু সাহসী শৰ্মিষ্ঠাই যুঁজিলে । হুইল চেয়াৰ আৰু ঘৰৰ সেই শেতেলীখনতেই আৰম্ভ কৰিলে সংগ্ৰাম । হুইল চেয়াৰত বহিয়েই উচ্চ শিক্ষাৰ ডিগ্ৰী গ্ৰহণ কৰি তাই নিৰলসভাৱে কৰি গ’ল সাহিত্য চৰ্চা । শক্তিশালী গদ্যৰে অসমীয়া মানস প্ৰাণ চঞ্চল কৰি ৰখা তথা কেইবাখনো উপন্যাসৰ স্ৰষ্টা দৃঢ়মনা শৰ্মিষ্ঠা প্ৰীতমে আজি মেলিলে যুগ্ম জীৱনৰ পাতনি ।
লেখক,গ্ৰন্থ প্ৰকাশক তথা সাংস্কৃতিক সংগঠক প্ৰাঞ্জল কুমাৰ মহন্তৰ সৈতে বিবাহ পঞ্জীয়ন হ’ল শৰ্মিষ্ঠাৰ । নগাঁও আদালত চৌহদতে প্ৰাঞ্জল-শৰ্মিষ্ঠাক বিভিন্নজনে জনালে অভিনন্দন-শুভেচ্ছা ।
এছ এম এ যোদ্ধা শৰ্মিষ্ঠা প্ৰীতমৰ কেইবাখনো গ্ৰন্থ প্ৰকাশ কৰি সাহিত্যৰ ক্ষেত্ৰখনত তাইক জিলিকাই তোলাৰ আঁৰৰ ব্যক্তি গৰাকীয়েই আছিল প্ৰাঞ্জল কুমাৰ মহন্ত । ইয়োৰপৰি এই দুৰাৰোগ্য ব্যাধিৰ ব্যয়বহুল চিকিৎসাৰ বাবে অৰ্থ সংগ্ৰহৰ অভিযান আৰম্ভ কৰাৰ ক্ষেত্ৰতো বিশেষ উদ্যোগ গ্ৰহণ কৰিছিল নগঞা যুৱকগৰাকীয়ে ।
আনহাতে শৰ্মিষ্ঠাক কঠিন জীৱন-যাপনৰ মাজতো লিখিবলৈ সাহস দি যোৱা যুৱকজনেই আছিল প্ৰাঞ্জল কুমাৰ মহন্ত । আজি সেই প্ৰাঞ্জলৰ সৈতেই যুগ্ম জীৱনৰ পাতনি মেলিলে শৰ্মিষ্ঠাই । দুয়োৰে জীৱন সুখৰ হওঁক । আমিও যাচিলোঁ শুভাশীষ-স্নেহাশীষ …..।