ডিজিটেল ডেস্ক, anews24x7: কয়লা খনিত অবৈধ ভাৱে কয়লা খনন কৰিবলৈ গৈ নিৰূদিষ্ট হোৱা প্ৰাঞ্জল মৰাণৰ ঘটনাকলৈ পুনৰ তৎপৰ হৈ উঠিছে আৰক্ষী। আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ প্ৰত্যক্ষ নিদেৰ্শত পুনৰ আৰক্ষীয়ে চলাইছে অভিযান। আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লিডুৰ টিৰাপ কলিয়ৰীৰ পৰা দুই কয়লা চোৰক।
কয়লা চোৰ দুটাৰ নাম হ’ল – ৰূপ চাই আৰু বাবু পাহাৰীয়া । প্ৰাঞ্জলৰ মৃতদেহ সমাধিস্থ কৰাত এই দুই অভিযুক্ত জড়িত থকাৰ অভিযোগ । আনহাতে এফ আই আৰ ত উল্লেখ থকা কমল সাইৰ বাদে বি গনেশ আৰু ৰাজাক এই মূহুৰ্ত্তলৈকে আৰক্ষীয়ে আটক কৰিব পৰা নাই।
ঘটনাৰ সন্দৰ্ভত লিডু আৰক্ষীয়ে সৈতে যোগাযোগ কৰিব বিছৰাত কোনো ধৰণৰ সহযোগ নকৰাৰ অভিযোগ। নিৰুদিষ্ট প্ৰাঞ্জলৰ পত্নী উৰ্বশীৰ এজাহাৰৰ পাছত আৰক্ষীয়ে তদন্তৰ ভিত্তিত পূৰ্বে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ পঠাইছিল ১৩ জন অবৈধ কয়লা ব্যৱসায়ী-চোৰক ।