Friday, November 8, 2024
Homeৰাষ্ট্ৰীয়উৎকোচৰ প্ৰাথমিক প্ৰমাণে দোষী সাব্যস্ত কৰিবলৈ যথেষ্টঃ উচ্চতম ন্যায়ালয়

উৎকোচৰ প্ৰাথমিক প্ৰমাণে দোষী সাব্যস্ত কৰিবলৈ যথেষ্টঃ উচ্চতম ন্যায়ালয়

ডিজিটেল ডেস্ক, ANEWS24X7: দুৰ্নীতি নিয়ন্ত্ৰণত অধিক কঠোৰ হৈছে উচ্চতম ন্যায়ালয় ৷ চৰকাৰী বিষয়া সকলৰ বিৰুদ্ধে কোনো দুৰ্নীতিত উৎকোচ বা জড়িত থকাৰ প্ৰাথমিক প্ৰমাণ থাকে তেন্তে চৰকাৰী কৰ্মচাৰী জনক দোষী সাব্যস্ত কৰিব পাৰিব ৷ উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিছে এই গুৰুত্বপূৰ্ণ ৰায় ৷

উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া সাংবিধান বিচাৰপীঠে কয় যে , আদালতে এজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়াক উৎকোচ দাবী আৰু গ্ৰহণ কৰাৰ বাবে দোষী সাব্যস্ত কৰিব পাৰে ৷ আনকি যদি এজন অভিযোগকাৰীয়ে প্ৰত্যাহাৰ কৰে বা পিছত উৎকোচৰ অভিযোগ প্ৰত্যাহৰ কৰে , আন সাক্ষীৰ বিবৃতিৰ আধাৰত চৰকাৰী কৰ্মচাৰীজনক দোষী সাব্যস্ত কৰিব পাৰিব ৷

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এছ আব্দুল নাজিৰ, বি আৰ গাভাই, এ এছ বোপান্না, ভি ৰামসুব্ৰমনিয়াম আৰু বি ভি নাগাৰাথনাৰ বিচাৰপীঠে কয় যে কোনো প্ৰত্যক্ষ মৌখিক বা তথ্যপ্ৰমাণ নাথাকিলেও উৎকোচ দাবী আৰু গ্ৰহণকৰাৰ প্ৰাথমিক প্ৰমাণৰ ভিত্তিত অভিযুক্তক দোষী সাব্যস্ত কৰিব পাৰি।

উল্লেখ্য যে উচ্চতম ন্যায়ালয়ে বিভিন্ন সময়ত লক্ষ্য কৰিছে যে বহুক্ষেত্ৰত, এজন চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে উৎকোচ লোৱাৰ অভিযোগ থাকিলেও পৰৱৰ্তী সময়ত অভিযোগকাৰীয়ে বিবৃতি সলনি কৰে বা অভিযোগ টো প্ৰত্যাহাৰ কৰে। আকৌ, বহুক্ষেত্ৰত, গোচৰটোৰ সময়ত অভিযোগকাৰীৰ মৃত্যু হয়। ফলস্বৰূপে, প্ৰমাণৰ অভাৱত আদালতে অভিযুক্ত চৰকাৰী কৰ্মচাৰীক অব্যাহতি দিবলৈ বাধ্য হয়। আনকি উৎকোচ ল’লেও, ইয়াক প্ৰমাণ কৰা কঠিন হৈ পৰে। সেয়েহে শীৰ্ষ ন্যায়ালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments