Thursday, November 7, 2024
Homeঅসমস্বভাৱ শিল্পী অমূল্য কাকতি স্মাৰক বঁটা প্ৰদান

স্বভাৱ শিল্পী অমূল্য কাকতি স্মাৰক বঁটা প্ৰদান

ডিজিটেল ডেস্ক,  ANEWS24X7:স্বভাৱ শিল্পী অমূল্য কাকতি স্মাৰক বঁটা প্ৰদান অনুষ্ঠান।আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা উপস্থিত আছিল আৰু বক্তব্য প্ৰদান কৰে।

অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই।ভট্টাচাৰ্য্যই চৰকাৰলৈ চিনেমা মহোৎসৱৰ দৰেই নাট্য মহোৎসৱৰ আয়োজন কৰিবলৈ আহ্বান জনায়।

ছাত্ৰ শিল্পী সাহিত্যিক কল্যাণ ন্যাস আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানত এই বঁটা প্ৰশান্ত শৰ্মাক প্ৰদান কৰা হয়। নৱ গঠিত সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ এইটো প্ৰথম কাৰ্যসূচী। অসমৰ সাহিত্য সংস্কৃতি জগতৰ অগ্ৰজ সকলক অনুসৰণ কৰি ছাত্ৰ, শিল্পী, সাহিত্যিকক সহায়ৰ হাত আগবঢ়াবলৈ সদৌ গুৱাহাটী ছাত্ৰ সন্থাই গঠন কৰা ছাত্ৰ শিল্পী সাহিত্যিক কল্যাণ ন্যাসে অসমীয়া কৃষ্টি সংস্কৃতিলৈ অনবদ্য অৱদান আগবঢ়োৱা লোকসকলৰ কৰ্মক সন্মান আৰু শ্ৰদ্ধা জনাবলৈ প্ৰতিবছৰে স্বভাৱ শিল্পী অমূল্য কাকতি স্মাৰক বঁটা প্ৰদান কৰি আহিছে।

২০২৩ চনৰ বঁটা প্ৰাপক প্ৰশান্ত শৰ্মা

অমূল্য কাকতি আছিল ছাত্ৰ শিল্পী সাহিত্যিক কল্যাণ ন্যাসৰ এগৰাকী প্ৰতিষ্ঠাপক সদস্য।

তীব্ৰ মেধা সম্পন্ন লেখক অমূল্য কাকতি আছিল এগৰাকী সুদক্ষ নাট্যকাৰ।

আমি এক্টৰ, নাটক, ৰং, এখন নাটক আৰু… আদি নাটক তেওঁ ৰচনা কৰিছিল।

সেইবাটে, কুঁহিৰামৰ প্ৰেম, অজ্ঞান এন্ধাৰ বিনাশী, ঢোলে দগৰে, আশাৰ ৰেঙনি আদি টেলি নাট ৰচনা কৰিছিল।

১৯৮৬ চনত প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎচন্দ্ৰ সিংহৰ জীৱন ভিত্তিক অল এলন ইফ নীড বি তথ্যচিত্ৰৰ বাবে ৰাষ্ট্ৰীয় ৰজতকমল বঁটা লাভ।

দুৰদৰ্শনৰ বাবে পাপু নিকুৰ সংবাদ, জিতু নিতুৰ অভিযান, ব’হাগতে শীত‌ আদি চিত্ৰনাট্য ৰচনা কৰিছিল।

প্ৰভাতী পখীৰ গান, ভাই-ভাই, তুমি মোৰ মাথোঁ মোৰ, মোহমুক্তি, গুন গুন গানে গানে আদি চিনেমাৰ চিত্ৰনাট্য ৰচনা কৰিছিল।

ৰজনীগন্ধা, মেঘমুক্তি, পূজা, দেৱী, পাপৰি, ব’হাগৰ দুপৰীয়া, এই দেশ মোৰ দেশ, ৰঙা নদী, হালধীয়া চৰায়ে বাওধান খায়, জীৱন সুৰভি বোলছবিত অভিনয় কৰিছিল।

স্বভাৱ শিল্পী অমূল্য কাকতিৰ ১৯৫০ চনৰ ১১ জুনত গুৱাহাটীৰ পানবজাৰত জন্ম হৈছিল , আৰু ২০০২ চনৰ ৯ ফেব্ৰুৱাৰীত তেখেতৰ মৃত্যু হয়।

স্বভাৱ শিল্পী অমূল্য কাকতি স্মাৰক বঁটা লাভ কৰা অন্য ব্যক্তি সকল হৈছে বৰঢুলীয়া কনক চন্দ্ৰ দাস, অভিনেতা তপন দাস, সংগীত শিল্পী পখিলা লেপথেপি, নাট্যকাৰ/ পৰিচালক ৰফিকুল হুছেইন, লোক শিল্পী মিলাকৈ মেদক, সাহিত্যিক/ সংৰক্ষক ড০ দিলীপ কুমাৰ দত্ত, চিত্ৰ শিল্পী/ কাৰ্টুনিষ্ট ত্ৰৈলোক্য দত্ত, নাট্যকাৰ সেৱাব্ৰত বৰুৱা, সংগীত শিল্পী সচ্ছিদানন্দ বৰা, নাট্যকাৰ/ পৰিচালক লিয়াকৎ আলি, অভিনেত্ৰী মনি বৰা দেৱী, নাট্যকাৰ/ পৰিচালক সপোন জ্যোতি ঠাকুৰ, সংগীত শিল্পী পংকজ বৰদলৈ, সংগীত শিল্পী ধৰণী বানিক্য আৰু নাট্য শিল্পী জিতেন্দ্ৰ নাথ বৰা

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments