কমাৰগাঁও, ২৭জুন: শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ উদ্যোগত গুৱাহাটী মহানগৰী জিলা শাখাৰ আতিথ্যত অনুষ্ঠিত হ’বলগীয়া মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭৬ সংখ্যক কেন্দ্ৰীয় আৱিৰ্ভাৱ মহোৎসৱত এইবাৰ উপস্থিত থাকিব দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু। উল্লেখ্য যে ১৯ আৰু ২০ অক্টোবৰত কেন্দ্ৰীয়ভাৱে গুৱাহাটীত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭৬ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱৰ ২০ অক্টোবৰত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু৷
বুধবাৰে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকা প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া আৰু গুৱাহাটী মহানগৰী জিলা শাখাৰ সভাপতি হিৰেন্দ্ৰ কুমাৰ ডেকা, সম্পাদক, উৎপল কুমাৰ কলিতা, কেন্দ্ৰীয় শিশু-আইমাতৃ কল্যাণ শাখাৰ সহকাৰী সম্পাদিকা সৰোজা মালী আৰু জিলা শিশু-আইমাতৃ কল্যাণ শাখাৰ সভানেত্ৰী প্ৰমীলা তালুকদাৰে ৰাষ্ট্ৰপতিক আনুষ্ঠানিকভাৱে নিমন্ত্ৰণ জনায়৷ আনহাতে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ বিষয়ববীয়া সকলে ৰাষ্ট্ৰপতি গৰাকীৰ সৈতে মত বিনিময় কৰে । ৰাষ্ট্ৰপতিগৰাকীয়ে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱৰ অনুষ্ঠানত উপস্থিত থকাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে বুলি সঙ্ঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই জানিবলৈ দিয়ে । এই কাৰ্যসূচীত সঙ্ঘৰ বিষয়ববীয়াসকলৰ সৈতে সাংসদ ভূৱনেশ্বৰ কলিতা উপস্থিত থাকে ।