Tuesday, July 8, 2025
Homeআন্তঃৰাষ্ট্ৰীয়মহাভিযোগৰ পিছত গ্ৰেপ্তাৰ হ’ল ৰাষ্ট্ৰপতি পেদ্ৰো কাষ্টিলিঅ’

মহাভিযোগৰ পিছত গ্ৰেপ্তাৰ হ’ল ৰাষ্ট্ৰপতি পেদ্ৰো কাষ্টিলিঅ’

ডিজিটেল ডেস্ক, ANEWS24X7: দিনা বোলুয়াৰ্ট পেৰুৰ নতুন ৰাষ্ট্ৰপতি ৷ বুধবাৰে পেৰুৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি হিচাপে দ্বায়িত্ব গ্ৰহণ কৰে বোলুয়াৰ্টে ৷ পেৰুৰ বাওঁপন্থী ৰাষ্ট্ৰপতি পেদ্ৰো কাষ্টিলিঅ’ৰ বিৰুদ্ধে মহাভিযোগ উত্থাপন হোৱাৰ পিছত বুধবাৰে ক্ষমতাচ্যুত কৰা হয় ৷ জৰুৰীকালীন অধিৱেশন আহ্বান কৰি আইন প্ৰণেতা সকলে কাষ্টিলোক অপসাৰণ কৰে ৷ অপসাৰণ কৰাৰ পিছতে গ্ৰেপ্তাৰ কৰা হয় ৰাষ্ট্ৰপতি পেদ্ৰো কাষ্টিলোক ৷

ইয়াৰ পূৰ্বে পেৰুৰ উপ-ৰাষ্ট্ৰপতি আছিল দিনা বোলুয়াৰ্ট৷ পেৰুৰ নতুন ৰাষ্ট্ৰপতি হিচাপে দ্বায়িত্বভাৰ গ্ৰহণ কৰি দিনা বোলুয়াৰ্টে কয় যে,‘‘ম্যাদ অনুসৰি, তেওঁ জুলাই 2026 লৈকে সেৱা আগবঢ়াব। পেৰুৰ সংকট দূৰ কৰিবলৈ ৰাজনৈতিক মীমাংসাৰ আহ্বান জনোৱা হ’ব ।’’

উল্লেখ্য যে , বুধবাৰে পেৰুৰ ৰাষ্ট্ৰপতি পেদ্ৰো কাষ্টিলিঅ’ৰ বিৰুদ্ধে মহাভিযোগ উত্থাপন হোৱাৰ পূৰ্বে দেশখনত জৰুৰীকালিন অৱস্থা ঘোষণা কৰিছিল ৷কাষ্টিলিঅ’ৱে সমগ্ৰ দেশখনত কাৰফিউ ঘোষণা কৰিছিল ৷ কাষ্টিলিঅ’ৰ ঘোষণাই দেশখনলৈ গভিৰ সংকট নমাই আনিছিল ৷ ইয়াৰ প্ৰতিবাদত কেইবাজনো মন্ত্ৰীয়ে পদত্যাগ কৰিছিল ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments