ডিজিটেল ডেস্ক, anews24x7: সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকাত ৰাষ্ট্ৰপতিৰ মোহৰ। মুখ্যমন্ত্ৰীয়ে টুইটযোগে সদৰী কৰে এই কথা। অসমৰ ইতিহাসত এক মাইলৰ খুঁটি আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ১১ আগষ্টত প্ৰকাশ পাইছিল সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা
উল্লেখ্য,ৰাজ্যখনৰ লোকসভা আৰু বিধানসভা সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকাত ১৯টা বিধানসভা সমষ্টিৰ নাম সলনি কৰা হৈছিল আৰু এটা লোকসভাৰ নাম সলনি কৰি কৰা হৈছিল কাজিৰঙা।
নিৰ্বাচন আয়োগে গ্ৰামাঞ্চলত গাঁও আৰু চহৰাঞ্চলত ৱাৰ্ডক ভিত্তি কৰি সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা এই তালিকাত অনুসূচিত জাতিৰ বাবে সংৰক্ষিত বিধানসভা আসনৰ সংখ্যা ৮ৰ পৰা ৯ খনলৈ আৰু অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত বিধানসভা আসনৰ সংখ্যা ১৬ খনৰ পৰা ১৯ খনলৈ বৃদ্ধি কৰে। বড়োলেণ্ডৰ জিলাবোৰত বিধানসভা আসনৰ সংখ্যা ১১ খনৰ পৰা ১৫ খনলৈ বৃদ্ধি কৰাৰ লগতে পশ্চিম কাৰ্বি আংলং জিলাত বিধানসভাৰ এখন আসন বৃদ্ধি কৰা হৈছিল।
ধেমাজি জিলাত এখন আসন অসংৰক্ষিত কৰা হৈছিল। লগতে ডিফু আৰু কোকৰাঝাৰ লোকসভা আসনকেইখন অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত থাকিব যদিও লখিমপুৰ লোকসভা আসনখন অসংৰক্ষিত কৰা হৈছিল। আনহাতে, বৰাক উপত্যকাৰ তিনিখন জিলা ক্ৰমে কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত দুখন লোকসভা আসনেই ৰখা হৈছে।
