ডিজিটেল ডেস্ক, ANEWS24X7: ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হৈ ইতিহাস সৃষ্টি কৰিছিল ভাৰতীয় মূলৰ ঋষি সুনাকে। যোৱা মাহত ব্ৰিটেইনৰ ৰাজনৈতিক অস্থিৰতাৰ মাজতে প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল ভাৰতৰ সিংহ পুৰুষ ঋষি সুনাকে। মঙলবাৰে ইণ্ডোনেছিয়াৰ বালিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে এক চমু বাৰ্তালাপ কৰে ঋষি সুনাকে।
বালিত অনুষ্ঠিত জি-২০ সন্মিলনৰ প্ৰথম দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সুনাকৰ উপৰিও আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেন, ফ্ৰান্সৰ ইমানুৱেল মেক্ৰনক বিশ্বৰ অন্যান্য নেতাসকলৰ মাজত সাক্ষাৎ কৰে।
মঙলবাৰে পুৱা ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি জোকো উইডোডোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সন্মিলনৰ বাবে আদৰণি জনাইছিল। সন্মিলনত, প্ৰায় সংখ্যক নেতাই ৰাছিয়াই ইউক্ৰেইনত আক্ৰমণ কৰা ঘটনাক গৰিহণা দিছিল। উল্লেখ্য যে, ২৪ নৱেম্বৰত ন মাহ সম্পূৰ্ণ হ’ব ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ।
উল্লেখ্য যে, আৰ্জেণ্টিনা, অষ্ট্ৰেলিয়া, ব্ৰাজিল, কানাডা, চীন, ফ্ৰান্স, জাৰ্মানী, ভাৰত, ইণ্ডোনেছিয়া, ইটালী, জাপান, কোৰিয়া গণৰাজ্য, মেক্সিকো, ৰাছিয়া, চৌদি আৰৱ, দক্ষিণ আফ্ৰিকা, তুৰ্কী, যুক্তৰাজ্য, আমেৰিকা যুক্তৰাজ্য আৰু ইউৰোপীয় ইউনিয়ন জি-২০ ৰ সদস্য।